TikTokয়ে ডোনাল্ড ট্ৰাম্পৰ নিষিদ্ধকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে তৰিব গোচৰ

Trump-Tiktok-Ban

ভিডিঅ’ এপ টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া ট্ৰাম্প প্ৰশাসনৰ নিৰ্দেশৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই কোম্পানীটোৱে আইনী গোচৰ তৰাৰ পৰিকল্পনাৰ কথা শনিবাৰে সদৰী কৰিছে।

টিকটকে কয় যে ই ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উত্থাপন কৰা বিষয়টোৰ সৈতে কোনোপধ্যে সন্মত নহয়।

যোৱা ৬ আগষ্টত ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰত ৪৫দিনৰ ভিতৰত এপটো নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল।

সেইদৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ কামকাজ সামৰিবলৈ ৯০দিনৰ সময় দিছিল।

টিকটকৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে যে ট্ৰাম্প প্ৰশাসনে প্ৰকৃত কথাটো নজনাকৈয়ে দিয়া সিদ্ধান্তৰ ফলত কোম্পানীটোৱে সমস্যাত পৰিছে।

কোম্পানীটোৰ লগতে ইয়াৰ গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বাবে কাৰ্যৱাহীৰ নিৰ্দেশটোক প্ৰত্যাহ্বান জনাই ন্যায়িক ব্যৱস্থাৰ জৰিয়তে ন্যায় বিচৰাৰ গত্যন্তৰ নাই।

টিকটকে অৱশ্যে কোনখন আদালতত গোচৰ তৰাৰ পৰিকল্পনা কৰিছে সেয়া জানিবলৈ দিয়া নাই।

কোম্পানীটোৱে লগতে জানিবলৈ দিয়া যে ই প্ৰায় এবছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিন্তাৰ সমাধান উলিয়াবলৈ চেষ্টা চলাইছিল।

ট্রাম্পে ১৯৭৭ আইনৰ অধীনত নিৰ্দেশটো দিছিল যিটোৱে এক ‘অস্বাভাৱিক তথা ব্যতিক্ৰমী ভাবুকি’ৰ প্ৰতি সঁহাৰি জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক এক ৰাষ্ট্ৰীয় ইমাৰ্জেন্সি ঘোষণা কৰাৰ অধিকাৰ প্ৰদান কৰিছে।