NORTHEAST NOW (Assamese)

টিকটকৰ ভাৰতীয় বিকল্প এই এপ, অতিক্ৰম ২.৫ মিলিয়ন ডাউনল’ড

June 30, 2020 7:11 pm · এন ই নাও নিউজ

ভাৰত-চীন সংঘাত আৰু শেহতীয়াকৈ টিকটককে ধৰি ৫৯টা চীনা এপ ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ মাজতে জনপ্ৰিয় হৈছে বহুকেইটা দেশীয় এপ।

চীনা টিকটকৰ বিকল্পৰূপে জনপ্ৰিয় হৈ উঠা এনে এটা ভাৰতীয় এপ হৈছে চিংগাৰি।

শেহতীয়াকৈ এই এপটোৱে ২.৫ মিলিয়ন ডাউনল’ডৰ সীমা অতিক্ৰম কৰিছে।

এই ভাৰতীয় এপটো গুগল প্লে’ ষ্ট’ৰত ২০১৮ চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল।

শেহতীয়াকৈ “বয়কট চাইনিজ” আহ্বানৰ মাজত মাত্ৰ দহ দিনতে এই শ্বৰ্ট ভিডিঅ’ শ্বেয়াৰিং এপটোৱে ৫৫০,০০০ ডাউনল’ডৰ সীমা অতিক্ৰম কৰিছে।

এপটোত সহ প্ৰতিষ্ঠাপক সুমিত ঘোষে সংবাদ মাধ্যমক জনোৱা মতে এপটোৰ আটাইতকৈ সক্ৰিয় ব্যৱহাৰকাৰীসকলে এপটোত দৈনিক ১.৫ ঘণ্টা সময় দিছে।

এপটোৰ ব্যৱহাৰকাৰীৰ সক্ৰিয়তাৰ গড় হাৰ ৭.৫ মিনিট।

এটা ভিডিঅ’ কিমান ভাইৰেল হয় তাৰ হিচাপত চিংগাৰিয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক ধন দিয়ে।

আপল’ড কৰা প্ৰতিটো ভিডিঅ’ৰ বাবদ ব্যৱহাৰকাৰীসকলে পইণ্ট আৰ্জন কৰে। সেই পইণ্ট ধন বিচৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

Android আৰু iOS দুয়োটাতে উপলব্ধ এই এপটো হিন্দী, বাংলা, তামিল, গুজৰাটী, কন্নড়, মাৰাঠী, তেলুগু, অ’ড়িয়া, মালায়ালম, পঞ্জাৱী আৰু ইংৰাজী ভাষাত উপলব্ধ।

Related News