গুৱাহাটী মহনগৰীত বৰ্তমানলৈ ৮৩ গৰাকী আৰক্ষী বিভাগৰ লোক ক’ৰ’না আক্ৰান্ত; সুস্থ উঠিছে ১৭ গৰাকী

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুৱাহাটী মহানগৰীত এই পৰ্যন্ত ক’ৰ’নাত মুঠ ৮৩ গৰাকী আৰক্ষী বিভাগৰ লোক আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৮৩ গৰাকী আৰক্ষীৰ ভিতৰত এতিয়ালৈ ১৭ গৰাকী আৰক্ষী সুস্থ হৈ উঠিছে।

আনহাতে, বৰ্তমানেও ৬৬ গৰাকী আৰক্ষী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই কথা জানিব দিয়ে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

ইপিনে, ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ গুৱাহাটী মহানগৰৰ আৰক্ষী থানা সমূহ সঘনাই চেনিটাইজ কৰি থকাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ শৰীৰলৈ ক’ৰ’নাৰ সংক্ৰমণ নহ’বলৈ যিখিনি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই খিনি কৰা হৈছে বুলিও জানিব দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে।

তদুপৰি, আৰক্ষী সকলক কৰ্তব্যৰ সময়ত মাস্ক, ফেচ চীল আদি ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে বুলি সদৰী কৰে গুপ্তাই ।

ইফালে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ল’কডাউন ঘোষণা কৰিছে। আজি ল’কডাউনৰ পঞ্চমটো দিন।

ল’কডাউনৰ সময়ত নীতি-নিৰ্দেশনা সমূহ জনসাধাৰণে পালন কৰিছে নে নাই সেই সম্পৰ্কত তীক্ষ্ন নজৰ ৰখাৰ বাবে আৰক্ষীৰ ব্যস্ততা বাঢ়িছে।

জৰুৰীকালীন সেৱাৰ বাদে অন্য যান-বাহনৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ নজৰ দিছে। শেহতীয়াভাৱে মহানগৰীৰ বহু কেইখন আৰক্ষী থানাৰ আৰক্ষী ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

গুৱাহাটীবাসী ৰাইজে ল’কডাউনৰ নীতি-নিৰ্দেশনা মানি চলাৰ বাবেও গুৱাহাটীবাসী ৰাইজক ধন্যবাদ জনায় আয়ুক্ত গৰাকীয়ে।