Sexting Scandal যৌন কেলেংকাৰীত জড়িত হৈ এছেজৰ পূৰ্বেই অধিনায়কত্ব এৰিলে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেইনে

Australia crickter paine

টিম পেইন।

Sexting Scandal ইংলেণ্ডৰ বিৰুদ্ধে এছেজৰ প্ৰথমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ক্ৰিকেটৰ বাহিৰৰ এক যৌন কেলেংকাৰীৰ ঘটনাত জড়িত হৈ অষ্ট্ৰেলিয়াৰ অধিনায়কৰ পদৰ পৰা আঁতৰিল টিম পেইন।

এক সংবাদমেলত পেইনে কয়, ’’মই অষ্ট্ৰেলিয়াৰ পুৰুষ টেষ্ট ক্ৰিকেট দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছো। যদিও এইটো এটা কঠিন সিদ্ধান্ত তথাপি মোৰ ব্যক্তিগতভাৱে, মোৰ পৰিয়ালৰ বাবে আৰু ক্ৰিকেটৰ স্বাৰ্থত এইটোৱেই সঠিক সিদ্ধান্ত বুলি ভাৱো।‘’

নিজৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ সময়ত সংবাদমেলতে কান্দোনত ভাগি পৰে পেইন। তেওঁৰ বিৰুদ্ধে অভিযোগো পেইনে স্বীকাৰ কৰি লৈছে।

বাতৰি অনুসৰি, ২০১৭-১৮ বৰ্ষৰ এছেজ ছিৰিজৰ পূৰ্বে তাছমানিয়া ক্ৰিকেটৰ এগৰাকী নাৰী কৰ্মীক পেইনে নিজৰ গুপ্তাংগৰ ছবি তথা কিছুমান যৌন প্ৰৰোচনামূলক মেচেজ পঠিয়াইছিল।

Also Read: Farm Law জয় কিষাণ! অৱশেষত বাতিল কৃষি আইন; কৃষকক পথাৰলৈ ঘুৰি অহাৰ আহ্বান মোদীৰ 

সেই নাৰী কৰ্মীৰ অভিযোগৰ ভিত্তিতেই ক্ৰিকেট অষ্ট্ৰেলিয়াই পেইনৰ বিৰুদ্ধে তদন্ত চলায়। ইয়াৰ পাছতে সংবাদমেল আহ্বান কৰি ৩৬ বছৰীয়া উইকেটকীপাৰ-বেটাৰগৰাকীয়ে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে।

পেইনৰ বিৰুদ্ধে চাৰি বছৰ পূৰ্বেও এই বিষয়ক লৈ কমিটি গঠন কৰি তদন্ত চলোৱা হৈছিল আৰু সেই তদন্তত তেওঁ অষ্ট্ৰেলিয়া ক্ৰিকেটৰ কোনো আইন ভংগ কৰা নাই বুলি প্ৰমানিত হোৱাৰ দাবী কৰে পেইনে।

উল্লেখ্য যে ২০১৬ চনত পেইনে পত্নী বনিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত তেওঁলোকৰ তিনিটা সন্তানো আছে।

Also Read: Rachin Ravindra নিউজিলেণ্ড দলত ‘শচীন-দ্ৰাবিড়’! চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব

বিগত বহুদিন ধৰি পেইনৰ প্ৰদৰ্শনৰ বাবে পেইনৰ অধিনায়কত্বক লৈ আলোচনাও চলিছিল। এতিয়া পেইনে নিজেই অধিনায়ক পদ ত্যাগ কৰাত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বাবে কামটো সহজ হৈ পৰিল।

কিন্তু পেইনৰ এই সিদ্ধান্তৰ ফলত কিছু বিপাঙত পৰিছে অষ্ট্ৰেলিয়া। কিয়নো শীঘ্ৰেই তেওঁলোকে এগৰাকী নতুন অধিনায়ক বাচনি কৰাটো জৰুৰী হৈ পৰিছে।