লকডাউনৰ মাজতো মাৰ্ঘেৰিটাত কাঠ মাফিয়াৰ দপদপনি; বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ

ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ সুযোগ লৈ তিনিচুকীয়া জিলাত এচাম চোৰাং কাঠ মাফিয়াই বন ধ্বংস কৰাত নামি পৰিছে।

দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ পেঙেৰি, নলনি-তৰানি অঞ্চলৰ সংৰক্ষিত বনাঞ্চলসমূহত মূল্যবান গছ গছনি কাটি ৰমৰমীয়া বেহা কৰি অহাৰ ন-ন তথ্য পোহৰলৈ আহিছে৷

আজি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ পেঙেৰি এন চি নগাপথাৰত বন বিভাগৰ এটা তহলদাৰি দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰে।

পেঙেৰি খাটাংপানী খণ্ড বন বিষয়া হেৰম্ব শইকীয়া আৰু খামন পথাৰ খণ্ড বন বিষয়া ধৰ্মেশ্বৰ হাজৰিকাই উক্ত অভিযানৰ নেতৃত্ব দিয়ে।

জানিব পৰা মতে বনাঞ্চলৰ মাজত কেইজনমান লোকে ফলা কাঠখিনি মুকলিলৈ অনাৰ চেষ্টা কৰি আছিল সেই সময়তে বন বিভাগৰ তহলদাৰি দলটো ঘটনস্থলীত উপস্থিত হয়।

কিন্তু বন বিভাগৰ লোকক দেখি কাঠ চোৰ কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগে এজনো চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ফলা কাঠখিনি জব্দ কৰি খাটাংপানী বন বিষয়া কাৰ্যালয়লৈ লৈ আনে৷

উল্লেখযোগ্য যে ধাৰাবাহিকভাৱে ডিগবৈ বনসংমণ্ডলৰ অধীনৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল এতিয়া চোৰাং কাঠমাফিয়া চক্ৰৰ ভূস্বৰ্গলৈ পৰিণত হৈছে৷

এইক্ষেত্ৰত বগা হাতীত পৰিণত হোৱা তথাকথিত বিয়াগোম বন বিভাগটোৱে নিধীৰাম চৰ্দাৰৰ ভূমিকা পালন কৰা দেখা গৈছে বুলি প্ৰকৃতিপ্ৰেমী সকলৰ অভিযোগ।