NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত শিশু সন্ধানহীন, চিনাকী লোকে অপহৰণ কৰাৰ সন্দেহ

September 12, 2018 11:13 pm · মানস প্ৰতিম গগৈ
সন্ধানহীন সন্দীপ লিম্বু

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ পৰা সন্দীপ লিম্বু নামৰ এগৰাকী ৬ বছৰীয়া শিশুক শচীন লিম্বু নামৰ এজন লোকে অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

অভিযোগ অনুসৰি বৰগোলাইৰ বিহুতলীৰ সমীপত ভাড়াতীয়া হিচাপে বাস কৰা অমৰ বাহাদুৰ লিম্বু নামৰ ব্যক্তিজনৰ ৬ বছৰীয়া সন্তানটো শচীন লিম্বু নামৰ ব্যক্তিজনৰ সৈতে যোৱা দেওবাৰে বিয়লি প্ৰায় ৫ মান বজাত ওচৰৰ দোকানৰ পৰা চিপচ কিনিবলৈ যোৱাৰ পিছৰে পৰা নিখোজ হৈ আছে৷

শচীন লিম্বুৰ ম’বাইলত শিশুটিৰ পৰিয়ালে যোগাযোগ কৰিছিল যদিও এবাৰ ৰিং হোৱাৰ পাছৰে পৰা তেওঁৰ ফ’নটো অফ হৈ আছে৷

পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা আৰক্ষী থানাক ঘটনাটো অৱগত কৰিছে যদিও বুধবাৰলৈকে শিশুটোৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। শিশুটিৰ সন্ধান পালে তৎকালে আৰক্ষীক খবৰ দিবলৈ পৰিয়ালে কাতৰ অনুৰোধ কৰিছে।

ভাড়াঘৰত বাস কৰা সূত্ৰে অমৰ লিম্বুৰ পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পৰ্ক আৰু আহ-যাহ আছিল শচীন লিম্বুৰ।

শচীনৰ ঘৰ মণিপুৰত বুলি জানিছিল স্থানীয় লোকসকলে।

ঘটনাটোৱে মাৰ্ঘেৰিটাৰ বৰগোলাই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Related News