NORTHEAST NOW (Assamese)

কোকৰাঝাৰত জিতেন দত্ত, পৰেশ বৰুৱা, মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ, ফাঁচিৰ দাবী

November 2, 2018 6:46 pm · ৰিনয় বসুমতাৰী

তিনিচুকীয়াৰ খেৰবাৰীত পাঁচজনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাৰ ক্ষোভৰ বহিঃপ্ৰকাশ স্বৰূপে আজি কোকৰাঝাৰত বিটিচি বেংগলী যুব ছাত্ৰ পৰিষদে আলফাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায় ।

কোকৰাঝাৰ সদৰ চহৰৰ আৱৰ্ত ভৱনৰ নিকটত বিটিচি যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই খেৰবাৰীৰ ঘটনাৰ সতে আলফা জড়িত থকাৰ স্পষ্ট অভিযোগ তুলি আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, যুদ্ধবিৰত আলফাৰ জিতেন দত্ত, মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ কৰে।

লগতে তিনিওকে গ্ৰেপ্তাৰ কৰি ফাঁচিকাঠক ওলোমাবলৈও বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছে।

প্ৰতিবাদকাৰীসকলে আলফাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী শ্ল’গান দি আলফআ (স্বা) আৰু যুদ্ধবিৰত আলফাৰ কোনো পাৰ্থক্য নাই বুলিও বেংগলী সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আনহাতে তিনিচুকীয়াৰ খেৰবাৰীত সংঘটিত বৰ্বৰ কাণ্ডক গৰিহণা দি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈয়ে বিভিন্ন দন-সংগঠনৰ মাজত ধ্বংসাত্মক তৰ্ক-বিতৰ্ক আৰু চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবেই ১ নৱেম্বৰৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰাৰ লগতে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।

ইফালে তিনিচুকীয়ৰ নৰসংহাৰ সম্পূৰ্ণভাৱে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা য়ু পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই।

লগতে ব্ৰহ্মই কালিৰ হত্যাকাণ্ডৰ আঁৰত থকা শক্তিসমূহ এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভিত্তিত হোৱা বিতৰ্কৰ দ্বাৰা প্ৰৰোচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নৰসংহাৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে দায়ী বুলি কয়।

তাৰোপৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে বাংলা ভাষী সম্প্ৰদায়ৰ মালুহক লক্ষ্য কৰি লোৱাটো সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগত সম্বন্ধ থকাৰ যথেষ্ট সন্দেহৰ থল আছে বুলি মন্তব্য কৰি এই পৰিস্থিতি উগ্ৰপন্থীসকলে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ সুযোগ লোৱা বুলি কয়।

প্ৰাক্তন সাংসদ গৰাকীয়ে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে সকলো পক্ষকে সংযম বজাই ৰাখি শান্তি সম্পীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।

Related News