‘ওপৰৰ মাল’ মন্ত্ৰী পীযুষ হাজৰিকাৰ সাংবাদিকক ভাবুকি : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ তীব্ৰ গৰিহণা

Pijush-Hazarika-640x430

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই মোবাইল ফোনযোগে দুই সাংবাদিকক ভাবুকি দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই।

সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজোতি নেওগে এক প্ৰেছ বাৰ্তাৰ জড়িয়তে মন্ত্ৰী পীযুষ হাজৰিকাক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, চৰকাৰখনৰ কাৰ্যকালত এক অসহিষ্ণু পৰিবেশ সূচনা হোৱাৰ বাবেই ক্ষমতাই মৃৰত ধৰা পীয়ুজে এনে ধৃষ্টতা  কৰিবলৈ দুঃসাহস কৰিছে।

বিগত সময়ছোৱাত চৰকাৰখনৰ মন্ত্ৰীৰ দ্বাৰাই সমাজ জীৱনৰ বিশেষ ব্যক্তিক তুচ্চ-তাচ্চিল্য কৰাৰ উদাহৰণ দেধাৰ। গণতান্ত্ৰিক প্ৰমুল্যবোধৰ ওপৰত যদি অকণমানো সন্মান আছে তেন্তে অতি শীঘ্ৰে মন্ত্ৰী পীযুষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে।

নেওগে আৰক্ষী প্ৰশাসনকো এনেকৈ মুকলিকৈ একপ্ৰকাৰে প্ৰাণনাশৰ ভাবুকি দিয়া মন্ত্ৰী পীযুষৰ ওপৰত নিজাববীয়াকৈ গোচৰ লৈ আইনগত ব্যৱস্থা গ্ৰহণ কৰি দেশৰ আইন ব্যৱস্থা যে সকলোৰে প্ৰতি সমান তাক প্ৰমাণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে বৃহস্পতিবাৰে আগবেলা জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাই টেলিফোনত দুই সাংবাদিকক তীব্ৰ ভাবুকি দিয়া ঘটনাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছে।

ক্ষমতাৰ বলত বলীয়ান মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ১১বজাত মৰিগাঁৱৰ দুই সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক ফোন কৰি ইতিপূৰ্বে প্ৰতিদিন টাইমত প্ৰকাশিত বাতৰি এটা সন্দৰ্ভত প্ৰচণ্ড ভাবুকি প্ৰদান কৰে।

অসহিষ্ণুতাৰ সীমা চেৰাই গৈ তেওঁ নজৰুল ইছলামক “মই কি মাল চিনি পোৱা নাই, ঠেং কাটি দিম, নোহোৱা হৈ যাবা, এইবোৰ কথাও ৰেকৰ্ডিং কৰি লোৱা আৰু প্ৰতিদিনত লিখা। পিছত বুজি পাবা, তুমি কেনেদৰে NO WHERE হৈ যোৱা।” কেৱল সিমানেই নহয় প্ৰায় ৬ মিনিট সময় বিভিন্ন প্ৰকাৰৰ ভাবুকি দি সাংবাদিকগৰাকীক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰে।