টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন

bh

আজি মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। দেশৰ জটিল পৰিস্থিতিয়ে সাতামপুৰুষীয়া পৰম্পৰা ম্লান কৰিছে যদিও চৰকাৰী প্ৰট’কলৰ মাজত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত গুৰুজনাৰ তিথি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়।

পুৱা প্ৰসংগৰ পাছতেই গুৰুজনাৰ তিথি উপলক্ষ্যে ৰাইজ গোট খাই দিহানাম প্ৰদৰ্শনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল এই পবিত্ৰ স্থানত পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে।

লগতে হাতে হাতে শৰাই নৈবদ্য লৈ নেদেখাজনৰ চৰণত সেৱা লৈছে।জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মহাপালনামত অংশগ্ৰহণ কৰিছে।

নাগ্ৰীজুলিতো গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন

নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি।

ৰাতিপুৱাৰ পৰা সত্ৰত ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলে নাম-কীৰ্তন কৰি মুখৰিত কৰি তোলে নাগ্ৰীজুলিৰ আকাশ বতাহ।

ভিন্ন জাতি জনগোষ্ঠীৰ লোকে নাম প্ৰসংগত অংশ গ্ৰহণ কৰি মিলনৰ তীৰ্থ ভূমিত পৰিণত কৰে সত্ৰৰ চৌহদ।

অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ অধীনৰ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰটো পালন কৰা হয় গুৰুজনাৰ তিৰোভাব তিথি।