NORTHEAST NOW (Assamese)

গেৰুকামুখত এনএইচপিচি প্ৰকল্প পৰিদৰ্শন কৰি জনতাৰ সুৰক্ষা সুনিশ্চিত নোহোৱা পৰ্যন্ত বান্ধ নিৰ্মাণ বন্ধ ৰখাৰ দাবী জনালে ৰিপুণ বৰাই

October 17, 2022 6:33 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 17, 2022 6:36 pm

ৰাজ্যজুৰি গেৰুকামুখৰ এনএইচপিচিৰ বান্ধ প্ৰকল্পৰ বিৰুদ্ধে নানা সময়ত প্ৰতিবাদ হৈ থকাৰ সময়তে আজি তৃণমূল কংগ্ৰেছৰ ৰাঝ্যিক সভাপতি ৰিপুণ বৰাই গেৰুকামুখত এনএইচপিচি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে।

বৰাই গেৰুকামুখত এনএইচপিচি প্ৰকল্পস্থলীত উপস্থিত হৈ বিভিন্ন দিশৰ পৰ্যবেক্ষণ কৰাৰ লগতে উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়।

আলোচনাৰ সময়ত অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰকল্পস্থলীৰ নামনি অংশত যিকোনো ক্ষয়-ক্ষতিৰ পৰা ৰাইজক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা ।

লগতে নামনি অংশৰ ৰাইজৰ সুৰক্ষা সম্পূৰ্ণভাৱে নিশ্চিত নকৰা পৰ্যন্ত প্ৰকল্পৰ নিৰ্মাণ বন্ধ ৰাখিবলৈ দাবী জনোৱাৰ লগতে বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে কাৰিকৰী কৌশল সলনি কৰি হ’লেও বৰ্তমানৰ নিৰ্মাণ ব্যৱস্থাৰ সংশোধন কৰি উন্নত ব্যৱস্থা কৰাৰ বাবে বৰাই আহ্বান জনায়।

Related News