নৈৰ সমান বব কোন, আইৰ সমান হ’ব কোন। কথাষাৰৰ যেন যথাৰ্থতা প্ৰমাণ কৰিলে কেৰালাৰ দুই পুত্ৰই।
মাতৃৰ ইচ্ছা পূৰণ কৰাৰ বাবেই কেৰালাৰ দুই পুত্ৰই নিজৰ সকলো দুখ ভাগৰ পাহৰি বৃদ্ধা মাতৃক কান্ধত তুলি লৈ থিয় পাহাৰ বগালে। তেওঁলোকে পশ্চিম ঘাটৰ এক বিৰল ফুল নীলাকুৰিঞ্জি চোৱাৰ মাতৃৰ সপোন পূৰণ কৰিলে এনেদৰেই। সেই ফুল বিধ বাৰ বছৰত কেৱল এবাৰহে ফুলে।
৮৭ বছৰীয়া এলিকুট্টি পলনানান এদিন কৈছিল যে তেওঁ বাৰ বছৰৰ মূৰত এবাৰ ফুলা নীলাকুৰিঞ্জি চাবলৈ বিচাৰে। মাতৃৰ ইচ্ছাৰ কথা জানিব পাৰি ৰৈ থকা নাছিল তেওঁৰ পুত্ৰ। বৃদ্ধাগৰাকীৰ পুত্ৰ ৰোজন আৰু তেওঁৰ ভাতৃয়ে মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ সত্যনে বৃদ্ধাগৰাকীক এখন জীপততুলি মুন্নাৰৰ ওচৰৰ কালিপাৰা পাহাৰলৈ যাত্ৰা কৰিলে। কিন্তু তাত উপস্থিত হোৱাৰ পিছতহে আচল সমস্যা আহিল।
কাৰণ পাহাৰ ওপৰলৈ কোনো বাহন চলাচল কৰিব পৰা ৰাস্তা নাই। কিন্তু দুই পুত্ৰই মাতৃৰ সপোন পূৰণ নোহোৱালৈকে হাৰ মানিবলৈ বিচৰা নাছিল। সেয়ে দুয়ো পুত্ৰই বৃদ্ধা মাকক কান্ধত তুলি লৈ প্ৰায় ১.৫ কিলোমিটাৰ পাহাৰ বগাই সেই সৈতে ঠাই খনত উপস্থিত হৈছিল। বেঙুনীয়া ৰঙৰ নীলাকুৰিঞ্জি ফুল চোৱাৰ হেঁপাহ পূৰণ হোৱাত আনন্দিত হৈ পৰিছিল তেওঁলোকৰ মাতৃ।
উল্লেখ্য নীলাকুৰিঞ্জি (ষ্ট্ৰোবিলান্থেছ কুন্থিয়ানা) হৈছে এক বিৰল ফুল যাক পশ্চিমঘাটত পোৱা যায় আৰু এটা নিৰ্দিষ্ট এলেকাত বাৰ বছৰত মাত্ৰ এবাৰহে ফুলে। এই ফুলৰ বাবে বিখ্যাত ঠাই খন হৈছে ইডুক্কি জিলাৰ মুন্নাৰ পাহাৰীয়া কেন্দ্ৰ।