• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অগ্নিপথ আঁচনিত কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত! অগ্নিবীৰৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিলে মোদী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2026 5:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগ্নিপথ আঁচনিক লৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অগ্নিবীৰসকলৰ চাকৰিৰ ম্যাদ আৰু দুবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। এই সিদ্ধান্তৰ ফলত চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ ওলোৱা অগ্নিবীৰসকলে অধিক সময়ৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে, ভাৰতীয় সেনাবাহিনীৰ গড় বয়স হ্ৰাস কৰাৰ লক্ষ্যৰে ২০২২ চনত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাত চাৰি বছৰৰ চুক্তিৰ ভিত্তিত যুৱক-যুৱতীক নিযুক্তি দিয়া হয়। এই আঁচনিৰ অধীনত নিযুক্তি লাভ কৰা সেনাকৰ্মীসকলক অগ্নিবীৰ বুলি কোৱা হয়। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি, অনাগত কেইটামান সপ্তাহৰ ভিতৰতে প্ৰায় ১৮ হাজাৰ অগ্নিবীৰৰ চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ কথা আছিল। তাৰ পূৰ্বেই কেন্দ্ৰীয় মন্ত্ৰীসভাই কাৰ্যকাল দুবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল এন এছ ৰাজা সুব্ৰহ্মণ্যই কয় যে প্ৰতিগৰাকী অগ্নিবীৰকে সশস্ত্ৰ বাহিনীত নিজৰ সেৱা অব্যাহত ৰখাৰ সুযোগ দিয়া হ’ব। অৱশ্যে, তেওঁলোকৰ কৰ্মদক্ষতা আৰু সামগ্ৰিক মূল্যায়নৰ ওপৰত ভিত্তি কৰিহে এই সুযোগ প্ৰদান কৰা হ’ব। তেওঁৰ মতে, আৰম্ভণিৰে পৰাই অগ্নিপথ আঁচনিখন পুনৰীক্ষণ কৰাৰ কথা স্পষ্ট কৰি দিয়া হৈছিল। সেই অনুসৰি প্ৰতি বছৰে অগ্নিবীৰসকলৰ কৰ্মদক্ষতা মূল্যায়ন কৰা হৈছে আৰু তাৰ ভিত্তিতেই কাৰ্যকাল দুবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, পূৰ্বৰ নিয়ম অনুসৰি অগ্নিপথ আঁচনিত চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত মাত্ৰ ২৫ শতাংশ অগ্নিবীৰকহে নিয়মীয়া সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছিল। বাকী ৭৫ শতাংশ অগ্নিবীৰক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি সেৱাৰ পৰা অব্যাহতি দিয়াৰ নিয়ম আছিল। চাকৰিৰ এনে কম সময়সীমাক লৈ আঁচনিখন আৰম্ভ হোৱাৰ পৰাই বিভিন্ন মহলত তীব্ৰ সমালোচনা আৰু বিতৰ্কৰ সৃষ্টি হৈ আহিছে।

আনহাতে, অগ্নিবীৰসকলৰ ভৱিষ্যৎ সংস্থাপনক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যই ৰাজ্যিক আৰক্ষী বাহিনী তথা আন চৰকাৰী চাকৰিত অগ্নিবীৰসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে অগ্নিবীৰসকলৰ চাকৰিৰ ম্যাদ আৰু দুবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অগ্নিপথ আঁচনিত কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত! অগ্নিবীৰৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিলে মোদী চৰকাৰে

অগ্নিপথ আঁচনিত কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত! অগ্নিবীৰৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিলে মোদী চৰকাৰে

November 4, 2026 5:45 pm
বিহাৰত ‘ক্ৰাইম’ থাকিব পাৰে, কিন্তু ‘অপৰাধ’ নাই! মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ অদ্ভুত যুক্তিক লৈ বিৰোধীৰ তীব্ৰ কটাক্ষ

বিহাৰত ‘ক্ৰাইম’ থাকিব পাৰে, কিন্তু ‘অপৰাধ’ নাই! মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ অদ্ভুত যুক্তিক লৈ বিৰোধীৰ তীব্ৰ কটাক্ষ

November 4, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd