NORTHEAST NOW (Assamese)

টীয়কৰ জাঁজীমুখত নিম্নমানেৰে নিৰ্মাণ কৰা পথ বন্ধ কৰিলে টিএমপিকে আৰু স্থানীয় ৰাইজে

November 28, 2019 6:54 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত জাঁজীমুখত মুদৈজানৰ পৰা হাতীশাল সংযোগী পথটো আজি জাঁজীমুখ টিএমপিকে লুইতপৰিয়া আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত অনিৰ্দিষ্ট কাললৈ নির্মাণ কাৰ্য বন্ধ কৰি দিয়ে।

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত নিৰ্মাণ চলি থকা পথটোৰ নিৰ্মাণকাৰ্য নিম্নমানদণ্ডৰ হোৱাৰ বাবেই আজি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে বি কে মজিকা নামৰ কোম্পানীৰ কৰ্তৃপক্ষক নিম্ন মানৰ কামৰ সম্পৰ্কত অৱগত কৰাৰ লগতে এই সম্পৰ্কত আলোচনা কৰাৰ পিছতো কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

ফলত টিএমপিকে আৰু স্থানীয় ৰাইজৰ উপস্থিতিত জাঁজীমুখ প্ৰেক্ষাগৃহত হোৱা সভাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ সৈতে আজি আলোচনা হোৱাৰ কথা আছিল।

কিন্তু নিৰ্মাণকাৰী সংস্থাটোৱে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ লগতে বিভিন্ন অজুহাতত স্থানীয় ৰাইজৰ লগতো যোগাযোগ কৰাৰ পৰা বিৰত থাকে।

সেয়ে ইয়াৰ প্ৰতিবাদকল্পে সমূহ ৰাইজ আৰু সংগঠনৰ বিষয়ববীয়া লগ হৈ উক্ত পথটো নিৰ্মাণৰ কাম আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।

আনহাতে টিএমপিকেৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া মৃগাং ৰূপক টায়ুনে এই সন্দৰ্ভত মুখ্য মন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ আৰু প্ৰধান মন্ত্ৰীকো টুইটাৰ যোগে সমগ্ৰ বিষয়টো অৱগত কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

লগতে এই বিষয়ত যদি প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত অধিক জংগী আন্দোলনৰো ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।

Related News