NORTHEAST NOW (Assamese)

ক’লা ধন নিয়ন্ত্ৰণ : বন্ধ কৰা হৈছে ২০০০টকীয়া নোটৰ প্ৰিন্টিং

October 15, 2019 12:30 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বিগত কেইমাহ ধৰি আচৰিতধৰণে এটিএমৰ পৰা ২০০০টকীয়া নোট ওলোৱাটো প্ৰায় নেদেখাই হৈছে। ইয়াৰ কাৰণ এই ২০০০ টকীয়া নোটৰ প্ৰিন্টিং বন্ধ কৰা হৈছে।

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক আৰ টি আইৰ উত্তৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই কথা সদৰী কৰিছে।

আৰ টি আইৰ উত্তৰত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেডে চলিত বৰ্ষত ২০০০ টকীয়া এখনো নোট প্ৰিন্টিং কৰা নাই।

বিশেষজ্ঞসকলে দাবী কৰে যে উচ্চ মূল্যৰ নোট প্ৰিন্টিং বন্ধ কৰিলে সহজে ধন কঢ়িয়াব পৰাটো প্ৰতিৰোধ হ’ব আৰু ই চৰকাৰৰ ক’লা ধনৰ সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থাক সহায় কৰিব।

লগতে পঢ়ক আৰ বি আইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : এ টি এমৰ পৰা নোহোৱা হব ২০০০ টকীয়া নোট

‘’সম্ভৱত: উচ্চ মূল্যৰ নোটবোৰৰ প্ৰচলন বন্ধ কৰিলে ক’লা ধনৰ ব্যাপক লেনদেন জটিল হৈ পৰিব। কিন্তু এইটো বিমুদ্ৰাকৰণৰ দৰে অতি বাধাগ্ৰস্ত নীতিতকৈ এটা অধিক ভাল নীতি। ইয়াত, আপুনি একো বাধাৰ সৃষ্টি নকৰে, মাথোঁ সাধাৰণভাৱে ইয়াৰ প্ৰচলন বন্ধ কৰি দিব,’’-অৰ্থনীতিবিদ নীতিন দেশাইয়ে কয়।

আৰ বি আইয়ে ২০১৬চনৰ নৱেম্বৰত চৰকাৰে পুৰণি ‘৫০০’ আৰু ‘১০০০’ টকীয়া নোট হঠাতে বন্ধ ঘোষণা কৰাৰ পাছত ২,০০০টকীয়া নোট প্ৰচলন কৰিছিল।

চেন্ট্ৰেল বেংকৰ আৰ টি আই উত্তৰ অনুসৰি, ২০১৬-১৭ বৰ্ষত ৩,৫৪২,৯৯১ মিলিয়ন ২০০০টকীয়া নোট ছপা কৰা হৈছিল।

বিষয়াসকলে কয় যে উচ্চ মূল্যৰ নোটৰ প্ৰচলনে চৰকাৰৰ উদ্দেশ্য বিঘ্নিত কৰিব পাৰে কিয়নো ই চোৰাং কাৰবাৰৰ দৰে অবৈধ উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ সহজ। যোৱা জানুৱাৰিত অন্ধ্ৰ-তামিল নাডু সীমান্তত হিচাপ বহিৰ্ভূত ৬ কোটি টকাৰ ২০০০ টকীয়া নোট জব্দ কৰা হৈছিল।

চলিত বৰ্ষৰ প্ৰথম ভাগত ২০০০টকীয়া নোটৰ প্ৰিন্টিং বন্ধ কৰাৰ বাতৰি প্ৰকাশ পাইছিল, কিন্তু চৰকাৰে সেয়া অস্বীকাৰ কৰিছিল। আনকি শেহতীয়া আৰ বি আইৰ তথ্যত ২০০০ টকীয়া নোটৰ প্ৰচলন ক্ৰমাগতভাৱ হ্ৰাস কৰি অহাৰ কথা প্ৰকাশ পাইছিল।

Related News