শিখ সকলৰ সৰ্বোচ্চ সংস্থা-আকাল টখ্টৰ মুৰব্বীগৰাকীয়ে সোমবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছএছ)ক নিষিদ্ধ কৰাৰ আহ্বান জানাইছে।
তেওঁ কৈছে যে আৰ এছ এছক মুক্তভাৱে বিচৰণ কৰিব দিলে ই কেবল দেশখনক ‘বিভাজন’হে কৰিব। আৰ এছ এছ হৈছে কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলৰ আদৰ্শগত গুৰু।
আকাল টখ্টৰ মুৰব্বী গিয়ানী হৰপ্ৰীত সিঙে অমৃতসৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত সংগঠনটোক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাই কয়,’’হয়, ইয়াক নিষিদ্ধ কৰা উচিত। মই ভাৱো আৰ এছ এছে যি কৰি আছে দেশখনত বিভাজনৰ সৃষ্টি কৰিব। আৰ এছ এছৰ নেতাসকলে দিয়া বক্তৱ্যসমূহ দেশৰ স্বাৰ্থত নহয়।‘’
বিজেপিৰ সৈতে আৰ এছ এছৰ সম্পৰ্কৰ কথা আঙুলিয়াই দিয়াত গিয়ানী হৰপ্ৰীত সিঙে কয়: ‘’তেতিয়াহ’লে এয়া দেশৰ স্বাৰ্থ নহ’ব। ই দেশৰক আঘাত কৰিব আৰু ধ্বংস কৰিব।‘’
অৱশ্যে, শিখ সম্প্ৰদায়ৰ ধৰ্মীয় নেতা আৰু আৰ এছ এছৰ মাজত আদৰ্শগত মতানৈক্যৰ সৃষ্টি হোৱাটো এয়াই প্ৰথম নহয়।
বিগত সপ্তাহত শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক কমিটিৰ সভাপতি গোবিন্দ সিং লাংগোৱালে দশেৰা উৎসৱৰ এক অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ বুলি কোৱাত আপত্তি দৰ্শাইছিল।
শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক কমিটিৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত যোৱা বুধবাৰে এই কথা কোৱা হৈছিল।