আজি অগপৰ সাধাৰণ পৰিষদৰ বৈঠক; কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন হোৱাৰ সম্ভাৱনা

AGP-leadership-singing-Bihu-during-a-press-conference-at-AGP-headquarter-in-Guwahati-on-April-12

ফাইল ফটো

আজি ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম  অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক। বৈঠকত দলৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ বাবে নিৰ্বাচন কেন্দ্ৰিক সমিতি গঠনৰ দৰে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাব উত্থাপন কৰা হ’ব পাৰে বুলি দলীয় সূত্ৰই জনায়।

আজিৰ এই বৈঠকতে পূৰ্বৰ জিলা সমিতি গঠনৰ প্ৰক্ৰিয়া আৰু এই সমূহৰ পৰা কেন্দ্ৰীয় প্ৰতিনিধি প্ৰেৰণৰ ব্যৱস্থাটোৱে বাহাল থাকিব নে ইয়াক সংশোধন ঘটাই কেৱল ৩৩খন জিলা সমিতি কৰাৰহে সিদ্ধান্ত লয় সেই সম্পৰ্কত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

যদি পূৰ্বৰ এই ব্যৱস্থাটোৰ সংশোধন ঘটোৱা হয় তেন্তে এতিয়াৰ পৰা জিলা সমিতিৰ বিপৰীতে প্ৰতিটো বিধানসভা সমষ্টিক লৈ গঠিত সমষ্টি কমিটি সমূহৰ পৰাহে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদলৈ প্ৰতিনিধি প্ৰেৰণ কৰি পাৰিব।

আনহাতে সমষ্টি কমিটিৰ উপৰি প্ৰতিখন জিলা পৰিষদ এলেকা সামৰিও একোখনকৈ জিলা পৰিষদীয় সমিতি গঠন কৰা হ’ব।

তৃণমূলৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত আঞ্চলিক দলটোৱে সংবিধান সংশোধন ঘটাই এনে কেতবোৰ  সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। দলৰ সাংগঠনিক ব্যৱস্থাত শাখা কমিটি, আঞ্চলিক কমিটি, জিলা পৰিষদীয় সমিতি আৰু সমষ্টি সমিতি সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ উপৰি দলটোৱে এটা ছাত্ৰ সংগঠন গঠনৰ বাবে অনুমোদন বিচাৰি আজিৰ সাধাৰণ সভাত প্ৰস্তাৱ উত্থাপন কৰিব পাৰে বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে সাধাৰণ পৰিষদে অনুমতি দিলেই সংশোধনী কাৰ্যকৰী কৰা হ’ব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে।