বিশিষ্ট মুক্তি যুঁজাৰু, বুৰঞ্জীবিদ, লেখক, সাংবাদিক পদ্মভূষণ বেনুধৰ শৰ্মাৰ আজি ১২৫ সংখ্যক জয়ন্তী। অসমীয়া বুৰঞ্জী সাহিত্যৰ বাটকটীয়া হিচাপে বেনুধৰ শৰ্মাৰ নাম সদা স্মৰণীয়।
অসমত অসহযোগ আন্দোলনত আগভাগ লোৱা বেনুধৰ শৰ্মাই কানি বিৰোধী আন্দোলনতো জড়িত হৈ পৰিছিল। বনৰীয়া হাতী ধৰা, কপাহী কাপোৰ বিক্ৰী কৰাকে ধৰি বিভিন্ন কামত নিজকে জড়িত কৰি তুলিছিল।
১৮৯৪চনৰ ১৬ নৱেম্বৰত শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰা বেনুধৰ শৰ্মাই চমাৰগাঁও নিম্ন বুনিয়াদী বিদ্যালয় আৰু শিৱসাগৰ চৰকাৰী হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।
ইয়াৰ পাছত তেওঁ কলকাতালৈ যায় আৰু তাত তেওঁ বংগবাসী কলেজত অধ্যয়ন কৰে। ১৯২১ আৰু ১৯৩০ চনত তেওঁ গান্ধীজীৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
১৯৫৬চনত বেনুধৰ শৰ্মা অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল।
শৰ্মাই কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল। ১৯৬১ চনত তেওঁক “কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰা শৰ্মা আছিল দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক।
অসমীয়া গদ্য সাহিত্যত এক সুকীয়া শৈলীৰ বাবে জনপ্ৰিয় তথা সুপৰিচিত তেওঁৰ গদ্যশৈলীক “বেনুধৰী গদ্য’ হিচাপে জনা যায়। বুৰঞ্জীৰ নিৰ্জীৱ ঘটনাক জীৱন্ত ৰূপত দাঙি ধৰাটো শৰ্মাৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য।
বেনুধৰ শৰ্মাই ৰচনা কৰা বহু গ্ৰন্থৰ ভিতৰত ৰাংপতা(১৯৪৩), মঙলতীৰ কণ্ঠমালা(১৯৪৬), মনিৰাম দেৱান(১৯৫০),দূৰবীণ(১৯৫১), কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত(১৯৫৯),অৰ্ঘাৱলী(১৯৬৭), ফুল চন্দন(১৯৬৮), মৰমৰ কাৰেং(১৯৬৮) আদি অন্যতম।
১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰিত বেনুধৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। ১৯৮৩চনত তেওঁক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়োৱা হয়।