NORTHEAST NOW (Assamese)

সুখবৰ, আজি ৰাজ্যত মৃত্যু হোৱা নাই কোনো কোভিড ৰোগীৰ; সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৩১৯৩ গৰাকীলৈ হ্ৰাস

November 19, 2020 9:58 pm · এন ই নাও নিউজ

আজি অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি অসমত সম্পন্ন হোৱা ২২৭৯০ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ১৭৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৮ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

অসমত বৰ্তমানলৈ ২১১০৪০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যত চিকিৎসাৰ অন্তত বৰ্তমানলৈ ২০৬৮৭৫ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ ৯৮.০২ শতাংশলৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, অসমত ক্ৰমাগতভাৱে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে।

বৰ্তমান ৰাজ্যত ৩১৯৩ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত কোভিড সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাই আহিলেও দিল্লী, বাংগালুৰ আদিত বৰ্দ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগেও যথেষ্ট সতৰ্কতা অৱলম্বন কৰা উচিত বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।

Related News