NORTHEAST NOW (Assamese)

আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

November 1, 2018 8:14 am · এন ই নাও নিউজ
Updated: November 1, 2018 10:13 am

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এশিঙীয়া গঁড়, বাঘ আদিৰ লগতে দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণভূমি ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

জানিব পৰা মতে ৰাতিপুৱা ৯ বজাত বিশিষ্ট প্ৰকৃতিবিদ তথা খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকাই উদ্যানখন প্ৰকৃতিপ্ৰেমী তথা দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব।

ইফালে দেশী-বিদেশী পৰ্যটকসকলক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে উদ্যান কৰ্তৃপক্ষ। উল্লেখ্য যে দৰং আৰু শোণিতপুৰ জিলাক সামৰি ৭৮.৮১ বৰ্গ কিলোমিটাৰ এলেকাৰ উক্ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰতিবছৰে অসংখ্য পৰ্যটকৰ আগমন হয় বুলি কৰ্তৃপক্ষই জনায়।

উল্লেখণীয় যে এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক বাঘৰ ঘনত্বৰৰ এই উদ্যানখন ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হৈছিল। আৰু তেতিয়াৰ পৰাই প্ৰকৃতিৰ বিনন্দিয়া মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিদেশৰ পৰাও দৰ্শনাৰ্থী আহি ভিৰ কৰা পৰিলক্ষিত হয়।

দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত অৱস্থিত উদ্যানখনত শেহতীয়াভাৱে গঁড়, বাঘ, হৰিণা, চৰাই-চিৰিকটি আদিৰ সংখ্যা বৃদ্ধিয়ে পৰ্যটকক অধিক আকৰ্ষিত কৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে দৰং জিলা বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ আৰু ওৰাং বন্যপ্ৰাণী সংমণ্ডল বিষয়া চক্ৰপাণি ৰয়ে সকলোকে উদ্যানখন দৰ্শনৰ বাবে আহ্বান জনায়।

Related News