বিগত চাৰিমাহ ধৰি চিকিৎসাধীন হৈ থকা তেজপুৰৰ বহু বিতৰ্কিত বিজেপি সাংসদ আৰ পি শৰ্মাই দীৰ্ঘদিনৰ মূৰত বুধবাৰে গৃহ সমষ্টিত উপস্থিত হৈ দলীয় কৰ্মী-সমৰ্থকৰ শুভেচ্ছা গ্ৰহণ কৰি তেওঁ পুনৰবাৰ তেজপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে।
সততে বিতৰ্কিত তথা সস্তীয়া মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা সাংসদগৰাকীয়ে নিজকে বুঢ়া বাঘৰ লগত তুলনা কৰি পুনৰ তেজপুৰ সমষ্টিৰ পৰা তিনি-চাৰি লাখ ভোট লাভ কৰি সংসদলৈ নিৰ্বাচিত হ’ব বুলি উল্লেখ কৰে।
আনহাতে কালি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ দিনাই সাংসদগৰাকীয়ে কয় যে চৰ্দাৰ পেটেলে ঐক্যবদ্ধ ভাৰত গঢ়িছিল। সেয়ে ‘চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিৰ ওচৰত কংগ্ৰেছে আঁঠু লৈ ক্ষমা বিচৰা উচিত।
ইয়াৰ উপৰি নেহৰু-গান্ধীৰ পৰিয়ালে দেশৰ সকলোবোৰ সম্পদতেই নিজৰ নাম খোদিত কৰি ইতিহাসৰ গুৰুত্বপূৰ্ণ অধ্যায় নিঃশেষ কৰাৰ চেষ্টা চলাইছে। ভৱিষ্যতে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা, জোঁৱায়েক, পুতেক, নাতিয়েক সকলোৰে নামত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু আঁচনিৰ নামকৰণ কৰিব বুলিও সাংসদগৰাকীয়ে কটাক্ষ কৰে।
আনহাতে এপিএছচি কেলেংকাৰীত জড়িত হৈ পৰা নিজৰ কন্যা সন্দৰ্ভতো সাংসদ শৰ্মাই কালি মন্তব্য কৰা দেখা যায়। ৰাজনীতিৰ কু অভিসন্ধিৰ বাবেই এইদৰে তেওঁৰ কন্যা এপিএছচি কেলেংকাৰীৰ সৈতে সাঙোৰ খাবলগীয়া হ’ল বুলি সংবাদ মাধ্যমৰ আগত কয়।