NORTHEAST NOW (Assamese)

মহিলাকলৈ অশালীন মন্তব্য কৰাৰ পাছত পদত্যাগ কৰিব টকিঅ’ অলিম্পিকৰ মুৰব্বীয়ে

February 11, 2021 7:08 pm · এন ই নাও নিউজ

২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকৰ মুৰব্বী য়োছিৰো মোৰিয়ে অতিশীঘ্ৰে পদত্যাগ কৰিব।

বিগত বৰ্ষত মহিলাক লৈ অশালীন মন্তব্য কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবেই য়োছিৰো মোৰিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে।

য়োছিৰো মোৰিয়ে বেছি সংখ্যক মহিলা থকা বৈঠক বেছি সময়লৈ চলি থাকে আৰু উক্ত বৈঠকত অধ্যক্ষ গৰাকীয়ে অধিক সময় লয় বুলি ইংগিত সূচক মন্তব্যৰে মহিলাৰ প্ৰতি অপমানভৰা বক্তব্য ৰাখিছিল।

পৰৱৰ্তী সময়ত ৮৩ বছৰীয়া মোৰিয়ে উক্ত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যদিও পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল।

কিন্তু মোৰিৰ মন্তব্যৰ পাছতে সৃষ্টি হোৱা বিতৰ্কৰ পাছত শুকুৰবাৰে আনুষ্ঠানিকভাৱে মোৰিয়ে পদত্যাগ কৰাৰ সম্ভাৱনা আছে।

টকিঅ’ অলিম্পিক উদ্যোক্তা সমিতিয়ে মোৰিৰ এই মন্তব্যৰ বাবে ৫৫০০-কৈ অধিক অভিযোগ লাভ কৰিছিল বুলি প্ৰকাশ কৰে।

Related News