বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ; খেলিব অংকুশিতাইয়ো

Lovlina-Ankushita

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলিনা বৰগোঁহাইয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত  লাভলিনাকে ধৰি ভাৰতৰ মুঠ ১২গৰাকী মহিলা বক্সাৰে প্ৰতিনিধিত্ব কৰিব।

লাভলিনা বৰগোঁহাইয়ে অলিম্পিকত ৬৯কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কিন্তু আন্তৰ্জাতিক বিশ্ব বক্সিং এছ’চিয়েশ্যনৰ অন্তৰ্গত কোনো প্ৰতিযোগিতা ৬৯কেজি শাখা নথকা লাভলিনাই ৭০কেজি শাখাত খেলিব লাগিব।

লগতে পঢ়ক: মোবাইল মেৰামতি দোকানৰ পৰা পঞ্জাৱ বিধানসভালৈ: প্ৰাক্তন মুখ্যমন্ত্ৰীক হৰুৱাই চমক চাফাই কৰ্মীৰ পুত্ৰৰ

লাভলিনাই অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ কোনো প্ৰতিযোগিতাত অংশ ল’ব।

লাভলিনাই জুনিয়ৰ বিশ্ব চেম্পিয়ন অৰুন্ধতী চৌধুৰীক পৰাজিত কৰিছিল। যোৱা বছৰ ডিচেম্বৰত এই ট্ৰায়েলৰ ঘোষণা হোৱাৰ পিছত লাভলিনাক পোনপটীয়াকৈ সুযোগ দিয়াত অৰুন্ধতী চৌধুৰী দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰে।

উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ যোৱা বছৰেই হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে সেই প্ৰতিযোগিতা পিছুৱাই দিয়া হয়।

লাভলিনা বৰগোঁহাইৰ উপৰি অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়োৱেও বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন কৰিছে।

লগতে পঢ়ক: চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

লাভলিনাৰ উপৰি বিশ্ব বক্সিং প্ৰতিযোগিতাত খেলাৰ যোগ্যতা অৰ্জন কৰা মহিলা বক্সাৰকেইগৰাকী হ’ল নিখাত জাৰিন(৫২কেজি), নীতু (৪৮কেজি) অনামিকা (৫০কেজি), সিক্ষা (৫৪কেজি), মনীষা (৫৭কেজি), জেছমিন (৬০কেজি), পাৰবীন (৬৩.৫কেজি), অংকুশিতা বড়ো (৬৬কেজি), ছুইটি বুৰা(৭৫কেজি), পূজাৰাণী (৮১কেজি) আৰু নন্দিনী (৮১কেজিৰ ওপৰত)।