NORTHEAST NOW (Assamese)

কাইলৈ ৰংজুলিত ৰেৱ কান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক দেৱীক মুখ্য মন্ত্ৰীয়ে প্ৰদান কৰিব বিষ্ণু ৰাভা বঁটা

June 19, 2019 10:49 am · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত ২০ জুন অৰ্থাৎ বৃহস্পতিবাৰে ৰংজুলিত অনুষ্ঠিত হ’ব বিষ্ণু ৰাভা দিৱস।

ৰংজুলিৰ তহশিল ময়দানত অনুষ্ঠিত হ’ব লগা বিষ্ণু ৰাভা দিৱসৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মঙলবাৰে বিয়লি ৰংজুলিত উপস্থিত হয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে।

মন্ত্ৰী গৰাকীয়ে দিৱসস্থলীত উপস্থিত হৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভা, গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকা আদিৰ সৈতে বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে।

ৰাভা দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ কুইন ওজা, বিধায়ক দীপক কুমাৰ ৰাভাই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ৰংজুলিৰ এই অনুষ্ঠানতে প্ৰখ্যাত মুখাশিল্পী ৰেৱ কান্ত মহন্ত আৰু বিশিষ্ট নৃত্য শিল্পী কুমাৰী লাইতোনজম ইবেমপিশক দেৱীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২০১৯ বৰ্ষৰ সন্মানীয় বিষ্ণুৰাভা বঁটা প্ৰদান কাৰ হ’ব।

Related News