NORTHEAST NOW (Assamese)

কুম্ভ মেলাত চলিছে কি? টেলিগ্ৰামত হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে স্নানৰত মহিলাৰ গোপন ফটো

February 19, 2025 6:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 6:19 pm

মহাকুম্ভত পবিত্ৰ স্নান কৰিবলৈ গৈছে নেকি? যদি গৈছে তেন্তে বৰ সাৱধানে গা ধুব লাগিব আপুনি! কাৰণ কোনো দুষ্ট পক্ষই সেই গা ধোৱা গোপনে ভিডিঅৰেকৰ্ড কৰি ছচিয়েল মিডিয়া আৰু টেলিগ্ৰামত বিক্ৰী কৰিবও পাৰে!বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভত এনেধৰণৰ লেতেৰা ব্যৱসায়ৰ জাল বিয়পি পৰিছে।

প্ৰতি বছৰে এই পবিত্ৰ মেলা উপলক্ষে গংগাত ডুব যাবলৈ প্ৰয়াগৰাজলৈ লাখ লাখ লোকৰ ভিৰ হয়। এই পবিত্ৰ স্নানক হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ অনুষ্ঠান বুলি গণ্য কৰা হয়। বিশ্বাস মতে এই সময়ত গংগাত স্নান কৰিলে পাপ ধুই যায় আৰু মুক্তি লাভ কৰিব পাৰি।

কিন্তু শেহতীয়াকৈ এক তদন্তমূলক প্ৰতিবেদনত এটা ভয়ংকৰ সত্য উন্মোচিত হৈছে। মহাকুম্ভৰ পবিত্ৰ মুহূৰ্তবোৰ গোপনে কেমেৰাত বন্দী কৰি টেলিগ্ৰামৰ দৰে প্লেটফৰ্মত বিক্ৰী কৰা হৈছে। মহিলাসকলে গংগাত গা ধুই থকাৰ সময়ত তেওঁলোকৰ অজ্ঞাতে কোনোবাই গোপনে সেই দৃশ্যটোৰ চিত্ৰগ্ৰহণ কৰি ইণ্টাৰনেটত বিয়পাইছে।

এই ভিডিঅসমূহ মূলতঃ ফেচবুক, ইউটিউব, আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে, ত কেপচনত লিখা আছে – মহাকুম্ভ গংগাস্নান প্ৰয়াগৰাজ#mahakumbh2025, #gangasnan, #prayagrajkumbh আদি জনপ্ৰিয় হেচটেগবোৰো বহু পোষ্টত ব্যৱহাৰ কৰা হৈছে, যাতে অধিক মানুহৰ মাজলৈ যায়।

চিয়েল মিডিয়াত এই পোষ্টবোৰ কেৱল কৌতুহল জগাই তোলাৰ বাবে, আচল উদ্দেশ্য হল এই পোষ্টবোৰ চাই উত্তেজিত হোৱা মানুহক টেলিগ্ৰামলৈ লৈ যোৱা। তাত তেওঁলোকক অধিক ব্যক্তিগত আৰু আপত্তিজনক ভিডিঅৰ চাবলৈ নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈও কোৱা হৈছে।

ভাৰতীয় চাইবাৰ সুৰক্ষা বিশ্লেষকৰ তদন্তত প্ৰকাশ পাইছে যে কিছুমান টেলিগ্ৰাম চেনেলত মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ গোপন ভিডিঅবিক্ৰী কৰা হৈছে। ইয়াৰে কিছুমান চেনেলৰ নাম গংগা নদীৰ মুকলি গা ধোৱা গোট’, ‘লুকাই থকা গা ধোৱাৰ ভিডিঅগোটআৰু মুকলি গা ধোৱাৰ ভিডিঅগোট

এই চেনেলসমূহৰ সদস্যৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু মহিলাসকলে কাপোৰ সলনি কৰা গোপন দৃশ্য, গা ধুওঁতে লোৱা ভিডিঅ’, আৰু বিভিন্ন আপত্তিজনক ফুটেজ শ্বেয়াৰ কৰে। কিছুমান ক্ষেত্ৰত চিচিটিভিৰ ফুটেজ আনকি ফাদিল হৈছে, ত মহিলাসকলক কাপোৰ খুলি নোলোৱাকৈ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা, বা ইচিজিৰ দৰে পৰীক্ষা কৰা দেখা গৈছে।

এই টেলিগ্ৰাম চেনেলসমূহত যোগদান কৰিবলৈ হলে নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগিব। তদন্তত দেখা গৈছে যে এই চেনেলসমূহত যোগদান কৰিবলৈ ৩ হাজাৰ টকা পৰ্যন্ত মাচুল লোৱা হৈছে। সেই ধন দিলেহে তেওঁলোকে তাত থকা বিভিন্ন গোপন ভিডিঅবোৰ আনৰ লগত চাব, ডাউনলোড কৰিব বা শ্বেয়াৰ কৰিব পাৰিব।

সাধাৰণতে মহাকুম্ভৰ দৰে বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ সময়ত প্ৰশাসনে নিৰাপত্তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু চোৱাচিতা কেমেৰা নিয়োগ কৰে। তথাপিও প্ৰশ্ন উত্থাপন হৈছে যে এনে ভিডিঅকেনেকৈ ৰেকৰ্ডিং কৰা হৈছে আৰু ইণ্টাৰনেটত কেনেকৈ প্ৰচাৰ কৰা হৈছে। বহুতে এই গেঙৰ মূল নেতাসকলক বিচাৰি উলিয়াই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Related News