অৱসৰলৈ ৭ মাহ বাকী থকা সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া অমৰজিৎ সিনহাৰ ৰহস্যজনক পদত্যাগ

Amarjeet01jpg

প্ৰধানমন্ত্ৰীৰ সামাজিক বিষয়ৰ পৰামৰ্শদাতা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অমৰজিৎ সিনহাই আজি তেওঁৰ পদৰ পৰা অব্যাহতি লয়।

১৯৮৩ চনৰ বিহাৰ কেদাৰৰ আইএএছ বিষয়াগৰাকীৰ এনে আচম্বিত পদত্যাগে এতিয়া দেশৰ ৰাজনৈতিক মহলত নানান প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

আজি পদত্যাগ কৰা সিনহা ২০১৯ চনত গ্ৰাম্য উন্নয়ন দপ্তৰৰ সচিব আছিল আৰু ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি দিয়া হৈছিল।

সিনহাই তেওঁৰ পদত্যাগৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই বুলি জানিব পৰা গৈছে।

সিনহাকে ধৰি এতিয়ালৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তিনিগৰাকী শীৰ্ছ বিষয়াই অৱসৰৰ সময়ৰ পূৰ্বেই পদত্যাগ কৰিছে।

তেওঁলোকৰ ভিতৰত এগৰাকী হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰ।

মিশ্ৰই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছতে পদত্যাগ কৰিছিল।একেদৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান পৰামৰ্শদাতা তথা প্ৰাক্তন কেবিনেট সচিব পি কে সিনহায়ো পদত্যাগ কৰিছিল।

এনেদৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইজনৰ পিছত সিজনকৈ শীৰ্ষ বিষয়াই পদত্যাগ কৰাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে।