ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক অৱগত নকৰাকৈ ছ’চিয়েল মিডিয়াৰ পৰা পোষ্ট ডিলিট কৰা। বহু একাউণ্ট বন্ধ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে উত্তৰ বিচাৰি চৰকাৰলৈ জাননী জাৰি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি এক্স আৰু ফেচবুকৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়া কোম্পানীয়ে কেন্দ্ৰ চৰকাৰ নিৰ্দেশত বিভিন্ন পোষ্ট আঁতৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ পূৰ্বে এই বিষয়ত কেন্দ্ৰক নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।
ন্যায়াধীশ বি আৰ গাভাই আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে সংশ্লিষ্ট ছ’চিয়েল মিডিয়া পোষ্ট আঁতৰাই দিয়াৰ পূৰ্বে যদি একাউণ্টৰ ব্যৱহাৰকাৰীক জনোৱা গ্ৰহণ উচিত। উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনো ব্যক্তিৰ কোনো আপত্তিজনক কামকৰিছে তেন্তে জাননী জাৰি কৰা উচিত।
ইন্দিৰা জেইছিঙে যুক্তি আগবঢ়ায় যে একাউণ্টধাৰীক অৱগত নকৰাকৈ পোষ্ট আঁতৰাই দিয়া কাৰ্যই ভাৰতীয় সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত নাগৰিকক বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰা প্ৰাকৃতিক ন্যায়ৰ নীতি উলংঘা কৰিছে।
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে তেওঁৰ সতীৰ্থ অধিবক্তা সঞ্জয় হেগড়েৰ উদাহৰণ দাঙি ধৰি কয় সঞ্জয় হেগড়েৰ এক্স একাউণ্ট কোনো জাননী অবিহনে বছৰ বছৰ ধৰি বন্ধকৰি ৰখিছে।
অধিবক্তাগৰাকীৰ যুক্তিৰ উত্তৰত আদালতে কয় যে, যদি কোনো ব্যক্তি চিনাক্তকৰণযোগ্য হয়, তেন্তে তেওঁক জাননী দিব লাগিব আৰু যদি চিনাক্তকৰণযোগ্য নহয় তেন্তে মধ্যস্থতাকাৰীক সংস্থাক জনাব লাগে।