উৰিষ্যাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। চলন্ত ৰে’লৰ সমুখত জপিয়াই আত্মহত্যাৰ চেষ্টা চলাই দুই ভৰি হেৰুৱাব লগা হৈছে এগৰাকী মহিলা হোমগাৰ্ডে। এই ঘটনাৰ আঁৰত চূড়ান্ত আতিশয্যৰ অভিযোগ উত্থাপন হৈছে ডিআইজি ৰেংকৰ এগৰাকী আইপিএছ বিষয়াৰ পত্নীৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, আইপিএছ বিষয়াগৰাকীৰ পত্নীৰ নিৰ্যাতনত অতিষ্ঠ হৈ এইদৰে আত্মহত্যাৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে। ৰাজ্যখনৰ হোমগাৰ্ড বিভাগৰ সঞ্চালক প্ৰধানৰ ওচৰত দাখিল কৰা লিখিত অভিযোগত মহিলা হোমগাৰ্ডগৰাকীয়ে এই অভিযোগ তুলিছে।
লিখিত অভিযোগত উল্লেখ কৰা মতে, কাম সঠিকভাৱে সম্পন্ন নকৰাৰ অজুহাতত মহিলা হোমগাৰ্ডগৰাকীক আই পি এছ বিষয়াগৰাকীৰ পত্নীয়ে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰো কৰি আহিছে।
যোৱা ৪ আগষ্টত বিষয়াগৰাকীৰ পত্নীৰ কিছু কাপোৰ ধুব নোৱাৰাৰ বাবে তেওঁক ঘৰৰ পৰা টানি উলিয়াই আনি নিৰ্যাতন চলাইছিল বুলি তেওঁ অভিযোগ কৰিছে।
ভুক্তভোগী মহিলাগৰাকীয়ে পত্ৰখনত দাবী কৰিছে যে এনে অপমান আৰু নিৰ্যাতন ভোগ কৰি তেওঁ চলি থকা ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰি মৃত্যুৰ সিদ্ধান্ত লয় আৰু ৰে’লৰ সমুখত জাঁপ দিয়ে।
অৱশ্যে তেওঁৰ এই আত্মহত্যাৰ চেষ্টা বিফল হয় যদিও ভৰি দুখন হেৰুৱাই পেলায়। বৰ্তমান কটকৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে হোমগাৰ্ডগৰাকী। আঘাতপ্ৰাপ্ত মহিলাগৰাকী সৌৰিদ্ৰী সাহু বুলি জানিব পৰা গৈছে।
মহিলাগৰাকীয়ে এই সন্দৰ্ভত এতিয়াও আৰক্ষীৰ ওচৰত কোনো এজাহাৰ দাখিল কৰা নাই যদিও ৰাজ্যপাল গণেশি লাল, মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি কেইবাগৰাকীও লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে।
ইফালে চাহুৰ অভিযোগ খণ্ডন কৰি অভিযুক্ত পত্নীৰ দোষ অস্বীকাৰ কৰিছে ব্রিজেশ কুমাৰ ৰায় নামৰ আই পি এছ বিষয়াগৰাকীয়। মহিলা হোমগাৰ্ডগৰাকীয়ে নিজৰ কিছু পাৰিবাৰিক সমস্যাৰ বাবে অশান্তিগ্ৰস্ত হোৱাৰ বাবেহে এই পন্থা লৈছিল বুলি দাবী কৰিছে ৰায়ে।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোম গাৰ্ডৰ সঞ্চালক প্ৰধানগৰাকীয়ে হোমগাৰ্ডগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ সত্যাসত্য নিৰূপণ কৰা হ’ব বুলি মন্তব্য কৰিছে। তেওঁৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।
লগতে চিকিৎসাধীন হোমগাৰ্ডগৰাকীয়ে চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত তেওঁৰ সৈতে কথা পতা হ’ব আৰু পৰৱৰ্তী সময়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
উল্লেখ্য যে, আহত হোমগাৰ্ডগৰাকী এগৰাকী বিধৱা মহিলা আৰু দুই কন্যা সন্তানৰ সৈতে তেওঁ বাস কৰে। আইপিএছ বিষয়াগৰাকীয়ে পাৰিবাৰিক সমস্যাৰ বাবে চাহুৱে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি দাবী কৰিলেও তেওঁৰ দাবী হোমগাৰ্ডগৰাকীৰ কন্যাই নাকচ কৰিছে।