NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত ৬ বছৰীয়া শিশুক জঘন্য অত্যচাৰ; মুৰ্মুষ অৱস্থাত ঘন জংঘলত উদ্ধাৰ

February 16, 2020 8:45 pm · মানস প্ৰতিম গগৈ
ভুক্তভোগী শিশুটি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত  মিৰিকামাজুলিত এক চাঞ্চল্যকৰ হৃদয়দয়বিদাৰক  ঘটনা সংঘটিত হোৱাৰ কথা পলমকৈ আজি পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি গাঁওখনৰে  সুৰভি দাস ওৰফে পাতৈ নামৰ  যুৱতী এগৰাকীয়ে একে গাঁৱৰে এগৰাকী ৬ বছৰীয়া শিশুক ফুচলাই নি জঘন্যভাৱে মাৰপিট কৰি  মুৰ্মুষ অৱস্থাত ঘন জংঘলত পেলাই থৈ  আহে।

গাঁৱৰে খৰি বিচাৰি যোৱা ব্যক্তিয়ে শিশুটিক  পাই উদ্ধাৰ কৰি আনি পিৰয়ালৰ লোকক চমজাই দিয়ে।

শুক্ৰবাৰে সংঘটিত হৈছিল এই ঘটনা ।

আৰক্ষীক তাৎক্ষণিক ভাৱে  খবৰ দিয়া হয় যদিও যোৱা  দুদিনে  উপস্থিত নোহোৱাত আজি  সাংবাদিকক ঘটনাৰ সবিশেষ অৱগত  কৰে স্থানীয় লোকে।

আজি সাংবাদিকৰ এটি দলে শিশুটিৰ গৃহত উপস্থিত হোৱাৰ কিছু সময়ৰ  পাছতে ৰাইজে যুৱতীগৰাকীক আৱদ্ধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

এই বিষয়ে অৱগত হোৱাৰ  পাছতহে  আৰক্ষী আহি শিশুটিৰ ঘৰত  উপস্থিত হৈ যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰে ।

এনে এটা ঘটনাৰ সন্মুখীন হোৱা শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি তাৎক্ষণিক ভাৱে আৰক্ষীয়ে তদন্ত কৰিব লাগিছিল যদিও এনে নকৰি দুদিন ধৰি ঘটনাৰ সম্পৰ্কত কোনো ব্যৱস্থা নকৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে  ।

একেখন গাঁ‌ৱৰে যুৱতী গৰাকীৰ ওপৰত স্থানীয় ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা লোৱাহেঁতেন তাৰ বাবে জগৰীয়া কোন হ’লহেতেন বুলিও প্ৰশ্ন উঠিছে ।

উল্লেখযোগ্য যে যুৱতী গৰাকী আজি গণপ্ৰহাৰৰ সন্মুখীন হোৱাৰ পৰিবেশ সৃষ্টি হৈছিল যদিও সাংবাদিক সকলৰ বাধাৰ বাবেই এয়া হৈ নুঠিল ।

অৱশ্যে যুৱতীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত  অভিযোগ অস্বীকাৰ কৰিছে।

Related News