সেউজ ন্যায়াধীকৰণৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা : ক’ত ক’ত নিষিদ্ধ কৰিছে আতচবাজি? কেনেকৈ উদযাপন কৰিব দেৱালী?

inpastyearss

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দেৱালীৰ পূৰ্বে জাৰি কৰিছে অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

এই নিৰ্দেশনা অনুসৰি ৯ নৱেম্বৰৰ মাজ ৰাতিৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজধানী দিল্লীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আতচবাজি।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ৯ নৱেম্বৰৰ মাজনিশাৰ পৰা অহা ৩০ নৱেম্বৰলৈকে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আতচবাজি বিক্ৰী, ক্ৰয় আৰু ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

দিল্লীৰ বায়ু প্ৰদূষণ নিয়্ন্ত্ৰণৰ স্বাৰ্থতে দেৱালীৰ পূৰ্বে সেউজ ন্যায়াধীকৰণে আতচবাজি নিষিদ্ধ কৰা বুলি জনাইছে।

সেউজ ন্যায়াধীকৰণৰ এই নিষিদ্ধকৰণ দিল্লীৰ সীমামূৰীয়া চাৰি ৰাজ্যৰ দুই ডজন জিলাৰ বিভিন্ন অঞ্চলত কাৰ্যকৰী কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

দেশৰ যিবোৰ চহৰত যোৱা বছৰৰ নৱেম্বৰ মাহত গড় হিচাপত বায়ু প্ৰদূষণৰ মাত্ৰা অধিক অথবা পাৰিপাশ্বিক মানদণ্ডৰ তলত আছিল সেইবোৰ চহৰতো এই নিৰ্দেশনা কাৰ্যকৰী হ’ব বুলি ন্যায়াধীকৰণে নিৰ্দেশনাটোত উল্লেখ কৰিছে।

ইফালে সৰু চহৰ অথবা কম প্ৰদূষিত চহৰবোৰত কেৱল মাত্ৰ সেউজ তথা কম প্ৰদূষণযুক্ত আতচবাজিহে বিক্ৰী কৰিব পাৰিব বুলি উল্লেখ কৰি ন্যায়াধীকৰণে কয় যে কোভিড প্ৰট’কল মানি চলি ৰাজ্যসমূহক দেৱালী উদযাপনৰ সময় দুঘণ্টালৈ সীমিত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

নিৰ্দেশনাটোত দেৱালী আৰু গুৰুপূৰ্বৰ বাবে নিশা ৮ ৰপৰা ১০ বজালৈ, ষাট পূজা সন্ধিয়া ৬ ৰপৰা ৮ বজালৈ, খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ বাবে ১১.৫৫ বজাৰপৰা ১২.৩০ বজালৈ সময় নিৰ্ধাৰণ কৰি দিছে সেউজ ন্যায়াধীকৰণে।