আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

সোমবাৰে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব। চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব।

ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব। পাঁচ ঘন্টাতকৈয়ো অধিক সময় চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে, এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ সম্ভাৱনা নাই।

ভাৰতত এই চন্দ্ৰগ্ৰহণ সোমবাৰে পুৱা ৭-৫৭ বজাত আৰম্ভ হ’ব। ভাৰতত যদিও এই চন্দ্ৰগ্ৰহণ দেখা পোৱা নাযাব, যিসকলে এই মহাজাগতিক ঘটনাৰ অভিজ্ঞতা ল’বলৈ আগ্ৰহী তেওঁলোকে নাছাৰ লাইভষ্ট্ৰীমৰ জৰিয়তে এই বিৰল ঘটনাৰ দৃশ্য উপভোগ কৰিব পাৰিব। সোমবাৰে পুৱা ৮-৩৩বজাৰ পৰা এই লাইভষ্ট্ৰীম চাব পাৰিব।

মন কৰিবলগীয়া যে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ দৰে পৃথিৱীও সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। এনেদৰে, এটা সময়ত, চন্দ্ৰ, সূৰ্য, পৃথিৱী এডাল সৰল ৰেখাত আহি পৰে। যেতিয়াই এই সৰল ৰেখাত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ মাজত আহি পৰে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ ছাঁৰ বাবে চন্দ্ৰত নপৰে। সেয়েহে কিছু সময়ৰ বাবে চন্দ্ৰ দেখা নাযায়।

অৰ্থাৎ চন্দ্ৰ আংশিক বা সম্পূৰ্ণৰূপে কিছু সময়ৰ বাবে পৃথিৱী পৃষ্ঠৰ দৰ্শকৰ ওচৰত নাইকিয়া হয়। তেতিয়া ইয়াক চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। এই সময়ত যদি পৃথিৱীয়ে সূৰ্যক আংশিকভাৱে আৱৰি ৰাখে, চন্দ্ৰক পৃথিৱীৰ বাবে আংশিকভাৱে দেখা নাযায় তেতিয়া ইয়াক আংশিক চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

সেইদৰে, যদি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে, চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।