NORTHEAST NOW (Assamese)

কা-ৰ প্ৰতিবাদ; ২২ জানুৱাৰিত কোনে কৰিলে ‘সম্পূৰ্ণ বন্ধ’ৰ ঘোষণা?

January 21, 2020 7:49 am · এন ই নাও নিউজ
Updated: January 21, 2020 6:50 pm

২২ জানুৱাৰি বুধবাৰে ঘোষণা কৰা হৈছে ‘সম্পূৰ্ণ বন্ধ’ৰ। উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো কলেজ-বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয় সমূহত পৰীক্ষা চলি থকা বাবে এই বন্ধৰ প্ৰভাৱ নপৰিব। আন্দোলন আৰু অধ্যয়নক সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধিত আইন,২০১৯ৰ  বৈধতাক প্ৰশ্ন তুলি সৰ্বোচ্চ ন্যায়ালয়খনত দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব।

উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে আশা ব্যক্ত কৰিছে যে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ‘অসাংবিধানিক তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধিত আইন আৰু উত্তৰ –পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়টো’ গুৰুত্বসহকাৰে চাব।

সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰা বিশ্ববিদ্যালয়সমূহৰ মাজত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল য়ুনিভাৰ্ছিটি, তেজপুৰ বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু নেৰিষ্ট।

উল্লেখযোগ্য যে যোৱা ১৮ ডিচেম্বৰ,২০১৯ত উচ্চতম ন্যায়ালয়ে কা’ৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এলানি আবেদনৰ ভিত্তিত জানুৱাৰিৰ দ্বিতীয় সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰিছিল।

উচ্চতম ন্যায়ালয়ে আছু, অণ্ডিয়ান মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কা’ বিৰোধী আবেদনৰ শুনানিৰ দিন ২২ জানুৱাৰি নিৰ্দ্ধাৰণ কৰিছিল।

আৰ জে ডি নেতা মনোজ ঝা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু এ আই এম আই এম নেতা আছাউদ্দিন ওৱেছিয়েও উচ্চতম ন্যায়ালয়ে নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে।

Related News