বিহাৰ, উত্তৰ প্ৰদেশৰ বেপাৰীয়ে চ’নপুৰ মেলাত বিকিছিল অসমৰ ১৬৭টা হাতী

Traders in Bihar and UP sold 167 Assam elephants in Sonepur Fair

প্ৰতীকী ছবি।

২০০৫ৰ পৰা ২০০৮ চনৰ ভিতৰত অসমৰ পৰা পোৱা ১৬৭টাকৈ হাতী কি কৰিলে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মানুহে?

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (WCCB)ই সংকলন কৰা এক প্ৰতিবেদন অনুসৰি ২০০৫ৰ পৰা ২০০৮ চনৰ ভিতৰত অসমৰ পৰা ১৬৭টাকৈ হাতী পৰিবহণ কৰা হৈছিল।

তথ্য অনুসৰি, অসমৰ বন সংৰক্ষণৰ ইতিহাসত সৰ্বাধিক ৭৭টাকৈ হাতী ৰাজ্যৰ পৰা স্থানান্তৰ কৰা হৈছিল ২০০৬ চনত।

একেদৰে, ২০০৭ চনত অসমৰ পৰা ৫৯টা হাতী পৰিবহণ কৰা হৈছিল। আৰু, ২০০৬ৰ পৰা ২০০৭ চনৰ ভিতৰত পৰিবহণ হোৱা প্ৰায় আটাইকেইটা হাতী বিহাৰলৈ পঠোৱা হৈছিল।

একে সময়চোৱাত অসমৰ পৰা উত্তৰ প্ৰদেশলৈ পৰিবহণ কৰা হৈছিল ৩৪টা হাতী।

তদন্তত প্ৰকাশ যে অসমৰ পৰা বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ পৰিবহণ কৰা বেছিসংখ্যক হাতীয়ে বিখ্যাত চ’নপুৰ মেলাত বিক্ৰীৰ বাবে নিয়া হৈছিল।

বন্য প্ৰাণী আৰু উদ্ভিদ ব্যৱসায়ৰ ওপৰত বিশ্বজুৰি কাম কৰা ট্ৰেফিক নামৰ আগশাৰীৰ বেচৰকাৰী সংস্থাটোৱে চ’নপুৰ মেলাৰ কিছু হাতীৰ জৰীপ চলাইছিল আৰু নথিভুক্ত কৰিছিল, আৰু পাইছিল যে হাতীচোঁৱাৰিসকলৰ হাতত সঠিক নথিপত্ৰ নাই।

চ’নপুৰ মেলাত বিক্ৰী কৰা বেছিভাগ হাতীৰে ক্ৰেতাসকল আন ৰাজ্যৰ, প্ৰধানকৈ কেৰালা, তামিল নাদু আৰু কৰ্নাটকৰ।

কেৰালাৰ মন্দিৰসমূহৰ বাবে হাতী, বিশেষকৈ দঁতাল হাতী, ক্ৰয়ৰ বাবে চ’নপুৰ মেলা সৰ্বশ্ৰেষ্ঠ বজাৰ বুলি খুব নাম থকা। অসমৰ হাতীসমূহো কেৰালাৰ স্থানীয় ভূপতিসকলে কিনিছে আৰু সিহঁতক ৰাখিছে মৰ্য্যাদাৰ প্ৰতীকৰূপে।

বিখ্যাত চ’নপুৰ মেলাৰ পৰিসৰৰ বাহিৰত ব্যক্তিগত ঠাইটো সেই সময়চোৱাত হাতীৰ বেহা চলে।

অসমৰ বন্দী হাতীবোৰ চোৰাং নেটৱৰ্কৰ বলি, সিহঁতৰ এক বুজনসংখ্যকক বনৰ পৰা ধৰা।

বনৰ পৰা ধৰা হাতীবোৰ অসমৰ পৰা ভুৱা নথি তৈয়াৰ কৰি পৰিবহণ কৰা আৰু সেয়াও একাংশ অসাধু বন বিষয়াৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ কৰা।

কিন্তু, আইন মতে এনে কোনো হাতীৰ বিক্ৰী অবৈধ। পৰিবহণটোক হয়টো সঠিক নথিৰে বৈধতা দিব বা সমৰ্থন কৰিব পাৰি, কিন্তু বিক্ৰী সম্পূৰ্ণ অবৈধ।

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ৪৩ ধাৰাৰ অধীনত ধন বা আন যিকোনো লাভৰ বাবে এজন ব্যক্তিৰ পৰা আন এজনলৈ বন্দী হাতীৰ ক্ৰয়, বিক্ৰয় বা হস্তান্তৰ সম্পূৰ্ণ অবৈধ।

অসমৰ বন বিভাগৰ বিষয়াসকলে নাজানেনে যে তেওঁলোকে পৰিবহণৰ অনুমতি দিয়া হাতীবোৰ চ’নপুৰ মেলাত মুকলিভাৱে বিক্ৰী হৈ আছে?

হাতীসমূহৰ অৱস্থান নিৰ্ধাৰণ, আৰু সিহঁতক ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অসমৰ বন বিভাগে কিবা ব্যৱস্থা লৈছেনে?

বা, অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনে তেওঁৰ সম পদমৰ্য্যাদাৰ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিষয়াসকলৰ সৈতে হাতীসমূহ ঘূৰাই অনাৰ বাবে কেতিয়াবা কিবা চেষ্টা কৰিছিলেনে?