নতুন মটৰ বাহন আইন ২০১৯ কাৰ্যকৰী হোৱাৰ পাছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত অভাৱনীয় তথা অকল্পনীয় হাৰৰ চালান কটা খবৰ পোহৰলৈ আহি আছে।
চালানৰ বাবে কৰবাত গৰাকীয়ে গাড়ী জ্বলাইছে, কৰবাত আকৌ নিজৰ গাড়ীখনকে গটাই দিছে আৰক্ষীক। মুঠতে নতুন মটৰ বাহন আইনে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক।
শেহতীয়াকৈ তেনে এক ঘটনা ঘটিছে নতুন দিল্লীত। দিল্লীৰ ৰোহিনী আদালতত ৰাজস্থানৰ এগৰাকী ট্ৰাকৰ গৰাকীয়ে ১ লাখ ৪১ হাজাৰ ৭০০ টকাৰ চালানৰ ধনৰাশি প্ৰদান কৰে।
ৰাজস্থানৰ বিকানেৰৰ নিবাসী লোকজনৰ ট্ৰাকখন অভাৰলোডৰ বাবে যোৱা ৫ ছেপ্তেম্বৰত দিল্লীৰ যান-বাহন আৰক্ষীয়ে ৭০ হাজাৰ টকাৰ চালান কাটিছিল। তদুপৰি অভাৰলোডৰ বাবে মালিকৰ ওপৰতো ৭০ হাজাৰ টকাৰ চালান কাটে।
এই সন্দৰ্ভত ট্ৰাকৰ গৰাকীয়ে কয় যে ১ লাখ ৪০ হাজাৰৰ উপৰি অতিৰিক্তভাৱে আৰু ১৭০০টকাৰ চালান কাটিছিল। মুঠ ১ লাখ ৪১ হাজাৰ ৭০০ টকা তেওঁ ৯ ছেপ্তেম্বৰত দিল্লীৰ ৰোহিনী আদালতত প্ৰদান কৰে বুলি জনায়।
নতুন মটৰ বাহন আইন ২০১৯ কাৰ্যকৰী হোৱাৰ পাছত বহুতৰ পৰা জৰিমনা হিচাপে ১৫ হাজাৰ, ২৫ হাজাৰ তথা ৬০ হাজাৰলৈকে চালান কাটিছে যদিও দিল্লীৰ ৰোহনী আদালতত দিয়া এইটোৱেই সৰ্বাধিক হাৰৰ জৰিমনা।
উল্লেখ্য যে এই আইনৰ জৰিমনাৰে প্ৰথম ৫ দিনত উৰিষ্যাত ১ কোটি টকা, হাৰিয়ানাত ৫২ লাখ টকা, পশ্চিমবংগত প্ৰায় ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে যান-বাহন আৰক্ষীয়ে।