দেৰগাঁৱৰ যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবল নিতুল ফুকনে লাভ কৰা আৰক্ষীৰ পদক আৰু আৰক্ষীৰ বঁটা ওভতাই ল’লে বিভাগে। নিতুল ফুকনে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোতে সু শৃংখলিতভাৱে কৰ্তব্য সম্পাদন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰিছিল। কিন্তু এইগৰাকী নিতুল ফুকনৰ বিৰুদ্ধেই মৃত্যুৰ পূৰ্বে দেৰগাঁৱৰ দ’লৰমুখ গাঁৱৰ যুৱক অজয় দত্তই তেওঁক প্ৰহাৰ কৰি শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ তুলি গৈছিল।
অজয়ৰ পৰিয়ালৰ লোকে দেৰগাঁও থানাত গোচৰ দিয়াৰ পাছতো নিতুল ফুকনৰ বিৰুদ্ধে তদন্ত নকৰি নিৰ্লজ্জৰ পৰিচয় দিলে দেৰগাঁও আৰক্ষীয়ে! অজয়ৰ ন্যায় বিছাৰি দেৰগাঁও থানাৰ সন্মুখত অজয়ৰ মাতৃ, ভাতৃ, পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰঞ্চ ঘটনাটোৰ কেইমাহমান পাছত মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা বঁটাহে লাভ কৰিছিল এইগৰাকী নিতুল ফুকনে। কিন্তু বিভাগে যেন তিনিমাহৰ মূৰতহে সম্বিত ঘূৰাই পালে আৰু আৰক্ষী সঞ্চালক প্ৰধানে গোলাঘাটৰ আৰক্ষী অধীক্ষক লৈ পত্ৰ লিখি ঘূৰাই বিচাৰিলে বঁটাটো।
ইয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানক অজয়ৰ মাতৃ আৰু ভাতৃয়ে ধন্যবাদ জনোৱাৰ লগতে পুনৰ এবাৰ ন্যায়ৰ দাবী জনোৱা দেখিবলৈ পোৱা গ’ল।
নিশ্চয়কৈ, পলমকৈ হ’লেও যেন কৰ্মৰ ফল হাতে হাতে পালে এইগৰাকী দেৰগাঁও থানাৰ ট্ৰেফিক কনিষ্টবলে।