অৰুণাচলত উদ্ধাৰ অসমৰ কিশোৰী শ্ৰমিক

শোণিতপুৰ জিলাৰ চাহ বাগানৰ পৰা নি শিশু শ্ৰমিকৰূপে কামত খটুওৱা ৩গৰাকী কিশোৰীক অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হৈছে।

সদৌ আদিবাসী ছাত্ৰ সন্থা অসম (All Adivasi Student Association of Assam)ৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ হাৰমতী আৰু অৰুণাচলৰ দুইমুখ আৰক্ষী থানাৰ সহযোগত কিশোৰীকেইগৰাকী উদ্ধাৰ কৰিছে।

কিশোৰীকেইগৰাকীক কেইবা বছৰ পূৰ্বে চুবুৰীয়া ৰাজ্যখনলৈ শিশু শ্ৰমিকৰূপে নিয়া হৈছিল।

উল্লেখযোগ্য যে অৰুণাচলত অসমৰ পৰা নিয়া শিশু শ্ৰমিক উদ্ধাৰৰ ঘটনা এয়ে প্ৰথম নহয়।