ফুটবল খেলৰ মাজতে সমৰ্থকৰ মৃত্যু; বন্ধ কৰি দিয়া হ’ল খেল, শোকাহত ফুটবল অনুৰাগী

প্ৰতিনিধিত্বমূলক ফটো।

খেলপথাৰত খেল চলি থকাৰ সময়তে ফুটবলাৰৰ মৃত্যুৰ বাবে খেলখন বন্ধ হৈ পৰা ঘটনা আগতে ঘটিছে। কিন্তু এইবাৰ এজন সমৰ্থকৰ মৃত্যুৰ বাবে মেচখন বন্ধ কৰি দিয়া হ’ল। ইংলেণ্ডৰ ইষ্ট ডিভিজনত এনেকুৱা ঘটনা সংঘটিত হৈছে।

খেলখনত ভাগ লোৱা দুয়োটা ক্লাবে এক যৌথ বিবৃতি জাৰি কৰি ফুটবল সমৰ্থকগৰাকীৰ এনে মৰ্মান্তিক মৃত্যুত শোক প্ৰকাশ কৰে।

বৃহস্পতিবাৰে ৱেষ্ট ৰাইডিং কাউন্টি কাপত পণ্টেফ্ৰেক্ট কোলিৰেজৰ সৈতে ৱেকফিল্ড এ এফ চিৰ খেল চলিছিল। খেলখনৰ ৭১ মিনিটত জৰুৰী চিকিৎসাজনিত কাৰণত ৰেফাৰীয়ে খেলখন বন্ধ কৰি দিয়ে।

লগতে পঢ়কঃ IPL 2024: কুলদীপৰ স্পিন ঘূৰ্ণীত দিশহাৰা ৰাহুল বাহিনী; দিল্লীৰ হাতত পৰাজিত হৈ থমকিল লক্ষ্ণৌৰ জয়ৰ ধাৰা

জানিব পৰা যায় যে দৰ্শক আসনৰ মাজত থকা এজন সমৰ্থক অচেতন হৈ পৰিছে। সেই সময়ত পণ্টেফ্ৰেক্টে ৪-০ গ’লত আগবাঢ়ি আছিল।

পিছত ক্লাব দুটাৰ যৌথ বিবৃতিত তেওঁলোকে দুখ প্ৰকাশ কৰে যে জৰুৰীকালীন চিকিৎসা অৱস্থাৰ বাবে মেচখন মাজভাগত বন্ধ কৰি দিয়া হৈছিল। সমৰ্থক জেকব ব্ৰেগমেনৰ মৃত্যু হৈছে। দুয়োটা ক্লাবৰ বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰা হয়। এই জটিল সময়ত পৰিয়ালটোৰ কাষত থিয় দিয়াৰ আশ্বাসো দিয়া হয়।

বাতৰি অনুসৰি, দুয়োটা ক্লাবৰ ফিজিঅ’ আৰু স্বেচ্ছাসেৱকসকলে সমৰ্থকগৰাকীক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শুকুৰবাৰে তাতেই তেওঁৰ মৃত্যু হয়।

লগতে পঢ়কঃ ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

ফুটবল অনুৰাগী তথা সমৰ্থকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। দেশখনৰ ফুটবল অনুৰাগীসকলেও ক্লাব দুটাৰ ছ’চিয়েল মিডিয়া একাউণ্টত শোক প্ৰকাশ কৰি সমবেদনা জনাইছে।