NORTHEAST NOW (Assamese)

প্ৰচণ্ড বতাহ-বৰষুণত ব্ৰহ্মপুত্ৰৰ বুকুত শোকাৱহ নাঁও দুৰ্ঘটনা; এজন লোক সন্ধানহীন

June 26, 2019 12:40 pm · মিটু খাটনিয়াৰ
ব্ৰহ্মপুত্ৰৰ বুকুত নাঁও দুৰ্ঘটনা

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে আন দুজন লোকে কথামপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।সন্ধানহীন হৈ থকা বিকাশ দলে নামৰ যুৱকগৰাকীৰ ঘৰ ভেকেলী চাপৰিত।

ঘটনাৰ বিৱৰণী অনুসৰি, নামনি মাজুলীৰ পাগলা চাপৰিৰ পৰা এখন হাত নাঁৱত ভেকেলী চাপৰিৰ এজন যুৱকে অনুপল দলে আৰু ভূপেন কুলি নামৰ দুগৰাকী যুৱকৰ লগত ওখলাচুকলৈ আহি আছিল। ব্ৰহ্মপুত্ৰৰ মাজভাগ পোৱাৰ সময়তে তিনিওগৰাকী বন্ধুৱে যাত্ৰা কৰি থকা হাত নাঁওখন প্ৰচণ্ড বতাহ আৰু বৰষুণৰ কৱলত পৰে আৰু নদীৰ মাজভাগতে নাঁওখন বুৰ যায়।

এই দুৰ্ঘটনাৰ কৱলত পৰা নাওঁখনৰ তিনিওগৰাকী যাত্ৰীৰৰ ভিতৰত দুগৰাকীয়ে সাতুৰি নদীৰ পাৰলৈ আহিবলৈ সক্ষম হয় যদিও ভেকেলী চাপৰিৰ যুৱকজন এতিয়াও সন্ধানহীন হৈ আছে।

সন্ধানহীন হৈ থকা যুৱকগৰাকীক বিচাৰি ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও প্ৰতিকুল বতৰ আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

আনহাতে, শোকাৱহ নাঁও দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে।

Related News