NORTHEAST NOW (Assamese)

মৰ্মান্তিক! স্নান কৰিবলৈ গৈ তিনিচুকীয়াত একেখন গাঁৱৰে চাৰিজন ছাত্ৰৰ কৰুণ মৃত্যু

July 27, 2024 8:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 27, 2024 8:11 am

উজনি অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পাগলাম গাঁৱৰ চাৰিজন ছাত্ৰ বুধবাৰে আবেলি কুণ্ডিল নদীত গা ধুবলৈ গৈ নিৰুদ্দিষ্ট হৈছিল৷ ভাস্কৰ ভট্টৰায়, অমৃত চেত্ৰী, বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ নাবালক চাৰিজন কুণ্ডিল নদীত গা ধুই থকা অৱস্থাত নদীত ডুব যায়।

ইয়াৰে, ভাস্কৰ ভট্টৰায় আৰু অমৃত চেত্ৰীৰ মৃতদেহ স্থানীয় লোকে বুধবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু নিৰুদ্দিষ্ট হৈ আছিল বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজন।

বৃহস্পতিবাৰে পুৱাৰ পৰা SDRFৰ এটা দলে কুণ্ডিল নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও বিশেষ সাফল্য লাভ কৰা নাছিল। কিন্তু, শুকুৰবাৰে পুৱাৰে পৰা NDRFৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। NDRFৰ দলটোৱে আজি কুণ্ডিল নদীৰ পৰা বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শদিয়াৰ পাগলাম নামৰ একেখন গাঁৱৰেই চাৰিজনকৈ ছাত্ৰৰ এইদৰে কুণ্ডিল নদীত মৃত্যু হোৱা ঘটনাই সমগ্ৰ শদিয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Related News