গোৱালপাৰাত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুই বাইক আৰোহী

Amid Holi celebration, road accident takes life of one youth in Assam's Nagaon

দুৰ্ঘটনাগ্ৰস্ত বাইকখানৰ ছবি। নৰ্থ ইষ্ট নাও।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোলানডুবি তিনিআলিত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

ভয়ংকৰ পথ দুৰ্ঘটনাটোত দুগৰাকী যুৱকে থিতাতে কৰুণ মৃত্যুক সাবিতবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱক দুগৰাকীৰ নাম ছফিকুল ইছলাম আৰু ছফিয়ৰ ৰহমান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,  দক্ষিণ শালমাৰাৰ ফকিৰগঞা অভিমূখে  মটৰচাইকেলৰে গৈ থকা যুৱক দুজনে নিয়ন্ত্ৰণ হেৰুৱাই মোলানডুবি তিনিআলিৰ এখন দোকানত প্ৰচণ্ড জোৰৰে খুন্দা মাৰে৷

নিয়ন্ত্ৰণ হেৰুৱাই দোকানখনত খুণ্ডা মৰাৰ ফলতে মটৰচাইকেলখনৰ চালকসহ আনজন আৰোহী যুৱকৰ থিতাতে মৃত্যু হয়৷

দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বাইকখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে এ এছ-০১বিএইচ৩২৫৫।

নিহত যুৱক দুজনৰ ঘৰ দক্ষিণ শালমাৰা জিলাৰ ফকিৰগঞাত বুলি আৰক্ষীয়ে জানিব দিয়ে৷