NORTHEAST NOW (Assamese)

ধুবুৰীত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটি আৰোহী

December 30, 2020 12:04 pm · এন ই নাও নিউজ

মঙলবাৰে নিশা ধুবুৰী জিলাৰ বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী লোকৰ থিতাতে মৃত্যু হয়।

পথ দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা ব্যক্তিগৰাকী জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হয়।

জানিব পৰা মতে, স্কুটিৰে গৈ জাহিদুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে ধুবুৰী চহৰ অভিমুখে গৈ থকা সময়তে এখন ট্ৰাকত খুন্দা মাৰে।

প্ৰচণ্ড বেগেৰে ট্ৰাকখনত খুন্দা মৰাৰ ফলত থিতাতে জাহিদুলৰ মৃত্যু হয় আৰু স্কুটিখনত জাহিদুলৰ সৈতে থকা অন্য ব্যক্তিগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পৰৱৰ্তী সময়ত স্থানীয় লোকে দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্কুটিখনৰ পৰা ভালেসংখ্যক কফ চিৰাপ উদ্ধাৰ কৰাৰ লগতে জাহিদুল ইছলাম নামৰ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে।

Related News