NORTHEAST NOW (Assamese)

মৰ্মান্তিক! স্কটলেণ্ডৰ জলপ্ৰপাতত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

April 20, 2024 7:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 20, 2024 1:28 am

স্কটলেণ্ডৰ দাণ্ডী বিশ্ববিদ্যালয়ত অধ্যয়নৰত দুজন ভাৰতীয় ছাত্ৰই স্কটিছ জলপ্ৰপাতত হোৱা এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ পোহৰলৈ আহিছে। ব্ৰিটেইনৰ নিউজ পৰ্টেল দ্য কুৰিয়ৰে প্ৰকাশ কৰিছে এই খবৰ।

বুধবাৰে ব্লেয়াৰ এথলৰ টুমেল জলপ্ৰপাতৰ লিন অফ টুমেল জলপ্ৰপাতৰ সমীপত বন্ধুৰ সৈতে ‘হাইকিং’ উপভোগ কৰি আছিল জিতেন্দ্ৰনাথ কাৰুতুৰি আৰু চাণক্য বলিছেট্টী নামৰ দুগৰাকী ভাৰতীয় ছাত্ৰই।

খবৰ অনুসৰি, ফটো তুলিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোক পানীত পৰি যায়।

জিতু আৰু চাণক্য দুয়োজনেই দাণ্ডী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ৰ ছাত্ৰ।

স্কটলেণ্ড আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে, “বুধবাৰে সন্ধিয়া ৭ বজাত ব্লেয়াৰ এথলৰ ওচৰৰ লিন অৱ টামেল জলপ্ৰপাতৰ পানীত ২২ আৰু ২৬ বছৰীয়া দুজন লোকৰ মৃতূৰ খবৰ পাইছিলোঁ। তাৰ পিছত অভিযান চলাই পানীৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই মৃত্যুক লৈ এতিয়ালৈকে কোনো সন্দেহজনক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

দাণ্ডী বিশ্ববিদ্যালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, “এয়া এক মৰ্মান্তিক দুৰ্ঘটনা যিয়ে আমাক সকলোকে স্তম্ভিত কৰি তুলিছে, আৰু ছাত্ৰ দুজনৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে।

Related News