NORTHEAST NOW (Assamese)

নতুন ছবিত অন্তৰংগ দৃশ্যত ছাৰা; পিতৃ ছৈয়ফ আলী খানে ভাল নাপালে ট্ৰেইলৰ

January 18, 2020 11:44 am · এন ই নাও নিউজ
লাভ আজ কাল

ছৈয়ফ আলী খানৰ কন্যা তথা অভিনেত্ৰী ছাৰা আলী খান আৰু কাৰ্তিক আৰ্য়ান অভিনীত ছবি ‘লাভ আজ কল’ৰ ট্ৰেইলৰ মুকলি হৈছে।

চলচ্চিত্ৰখনৰ ট্ৰেইলৰ চাই চলচ্চিত্ৰপ্ৰেমীসকলে ইয়াক দীপিকা পাডুকন আৰু ছৈয়ক আলী খানৰ অভিনীত ছবি ‘লাভ আজ কল’ৰ কপি বুলি মন্তব্য কৰিছে।

ছাৰাৰ নতুন ছবিখনৰ ট্ৰেইলৰে দৰ্শকক সন্তুষ্ট কৰিব পৰা নাই আৰু দৰ্শকে ছবিখনৰ ট্ৰেইলৰ চাই সমালোচনা কৰা দেখা গৈছে।

আনহাতে, অভিনেত্ৰী ছাৰাৰ পিতৃ তথা পূৰ্বৰ ‘লাভ আজ কল’ৰ অভিনেতা ছৈয়ফ আলী খানেও কন্যাৰ নতুন ছবিৰ ট্ৰেইলৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত ছৈয়ফে কন্যা ছাৰা আৰু কাৰ্তিক অভিনীত লাভ আজ কল ছবিখনৰ ট্ৰেইলৰ তেওঁ অভিনয় কৰা ছবিখনতকৈ দুৰ্বল হোৱা বুলি উল্লেখ কৰে।

‘‘২০০৯ চনত মুক্তি পোৱা দীপিকা আৰু মই অভিনয় কৰা লাভ আজ কল ছবিখনৰ ট্ৰেইলৰ দৰ্শকে বেছি পচন্দ কৰিছিল,’’ অভিনেতা গৰাকীৰ মন্তব্য।

ছৈয়ফে আহিবলগীয়া নতুন ছবিখনক পৰিচালক ইমতিয়াজ আলীৰ এক পৰীক্ষামূলক ছবি বুলি কৈ কন্যা ছাৰাক মূল চৰিত্ৰত অভিনয় কৰাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, কেদাৰনাথ চলচ্চিত্ৰখনৰ যোগেৰে বলিউদত আত্মপ্ৰকাশ কৰা ছৈয়ফ আলী খানৰ কন্যা ছাৰাই প্ৰথমখন ছবিত দৰ্শকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল।

কাৰ্তিকৰ সৈতে অভিনয় কৰা নিজৰ কেৰিয়াৰৰ দ্বিতীয়খন ছবিত ছাৰাক যথেষ্ট অন্তৰংগ মুহূৰ্তত অভিনয় কৰা দেখা গৈছে।

কাৰ্তিকৰ সৈতে চুম্বনৰ বিশেষ মুহূৰ্ততো অভিনয় কৰা ছাৰাক দৰ্শকে ট্ৰেইলাৰত দেখিবলৈ পাইছে।

Related News