NORTHEAST NOW (Assamese)

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

July 1, 2022 10:12 am · এন ই নাও নিউজ, গুৱাহাটী

Indian Railway যদি কোনোবাই ৰে’লত ভ্ৰমণ কৰাৰ সময়ত ২০ টকাৰ একাপ চাহৰ বাবে ৭০ টকা দিব লগা হয়, তেন্তে যিকোনো যাত্ৰীৰ মূৰতে সৰগ ভাগি পৰাৰে কথা। শেহতীয়াকৈ শতাব্দী এক্সপ্ৰেছত এগৰাকী যাত্ৰীৰ সৈতে ঠিক এনেকুৱাই ঘটিছিল।

যাত্ৰীজনে ২০ টকাত একাপ চাহৰ অৰ্ডাৰ দিছিল। পিছত বিলখন হাতত আহি পৰাত দেখিলে যে সেই চাহৰ বাবে তেওঁ ৭০ টকা দিব লাগিব। সেয়া দেখি তেওঁ হতবাক হৈ পৰে।

ৰে’ল যাত্ৰাৰ পিছত যাত্ৰীগৰাকীয়ে নেটত একাপ চাহৰ বিলো পোষ্ট কৰিছিল। পোষ্টটো বিয়পি পৰাৰ লগে লগে ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ইয়াৰ উত্তৰো দিয়া হয়।

যাত্ৰীগৰাকীয়ে ২৮ জুনত শতাব্দী এক্সপ্ৰেছত দিল্লীৰ পৰা ভূপাললৈ যাত্ৰা কৰিছিল।  সেই ৰে’লখনতে তেওঁৰ সৈতে এই ঘটনাটো ঘটে।

পিছত টুইটাৰত চাহৰ বিল পোষ্ট কৰি ৰে’লযাত্ৰীগৰাকীয়ে লিখিছিল, “চাহৰ মূল্য ২০ টকা আৰু তাৰ বাবে জিএছটি হৈছে ৫০ টকা। সকলো মিলি ৭০টকা। লুণ্ঠনৰ বাদে মই ইয়াক আৰু কি বুলি ক’ব পাৰোঁ?’’

ইয়াৰ পিছতে আন বহুতেই ভাৰতীয় ৰে’লৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে, কিছুমানে কৈছিল যে ৫০ টকা জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) হিচাপে লোৱা হোৱা নাছিল। ইয়াক সেৱা মাচুল (চাৰ্ভিজ চাৰ্জ) হিচাপে লোৱা হয়।

ভাৰতীয় ৰে’লৱেই অৱশ্যে কয় যে ই গ্ৰাহকৰ পৰা এক পইচাতকৈ অধিক মাচুল লোৱা নাই। ২০১২ চনত এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰী কৰা হৈছিল। তাত কোৱা হৈছিল যে যাত্ৰীসকলে ৰাজধানী বা শতাব্দীৰ দৰে ৰে’লত বুকিং কৰাৰ সময়তেই  খাদ্যৰ অৰ্ডাৰ বুকিং কৰি ৰাখিব লাগিব। যদি নকৰে, তেন্তে পিছত ৫০ টকাৰ চাৰ্ভিচ চাৰ্জ পৰিশোধ কৰিব লাগিব। লাগিলে সেয়া চাহ একাপেই নহওক কিয়।

Related News