• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2022 9:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী: Noney landslide মণিপুৰৰ নোনে জিলাৰ টুপুলত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত প্ৰায় ৫০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ৫০ জন লোকৰ ভিতৰত ২৩ জন টেৰিটৰিয়েল আৰ্মীৰ ২৩ তম পদাতিক বেটেলিয়নৰ। অসমৰ ১৭ জন শ্ৰমিকো এই ঘটনাত  সন্ধাহীন হৈ আছে।

ইফালে, মণিপুৰৰ নোনে জিলাৰ টুপুলৰ ভূমিস্খলনপীড়িত অঞ্চলৰ পৰা উদ্ধাৰকাৰী কৰ্মীয়ে ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। নিহত আঠজনৰ ভিতৰত সাতজন টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী বুলি জানিব পৰা গৈছে।

এই ভয়াৱহ ভূমিস্খলনৰ ঘটনাত অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ ১ জন শ্ৰমিক নিহত হোৱাৰ লগতে ৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। বাকী অসমৰ ১৭ জনকৈ শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে।

Apply Now

লগতে পঢ়ক: Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

ভূমিস্খলনৰ ফলত মৃত্যু হোৱা অসমৰ শ্ৰমিকজন গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে। চিকিৎসাধীন অৱস্থাত গোপাল ফুকনৰ মৃত্যু ঘটে। গোপাল ফুকনৰ ঘৰ লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱত।

আনহাতে, সন্ধানহীন হৈ থকা আন ১৭ জন শ্ৰমিকৰ ভিতৰত আছে  লাহৰিঘাট সমষ্টিৰ কোচকাটি গাঁৱৰ দীপংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), খোৰাগচাই বাৰী গাঁৱৰ আকাশ এল,  ৰাম (২১), পল্লৱ লোৰাম (২২), দেৱজিৎ ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বাৰাদ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)।

তদুপৰি, বাকী সন্ধানহীন হৈ থক আন চাৰিজনৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই। সেইদৰে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিককেইজন হৈছে কুশতালীৰ প্ৰহ্লাদ বসুমতাৰী (১৯)মণিৰাম ফুকন (৩৫), ৰমন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) আৰু আমগুৰিৰ জুন বসুমতাৰী (২৪)।

লগতে পঢ়ক: Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

মণিপুৰত ৰে’ললাইন নিৰ্মাণৰ কামত নিয়োজিত লাহৰিঘাটৰ এই শ্ৰমিকসকল ২০ দিন পূৰ্বে ৰাজ্যখনত কাম কৰিবলৈ গৈছিল। বাতৰি প্ৰকাশ পোৱাৰ পিছতে শ্ৰমিকসকলৰ ঘৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শ্ৰমিকসকলৰ পৰিয়ালে সন্ধানহীন হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

উল্লেখ্য যে বুধবাৰে নিশা মণিপুৰৰ নোনে জিলাত এক ভয়াৱহ ভূমিস্খলনৰ ঘটনা ঘটে। কেইদিনমান ধৰি হোৱা নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ বাবে টুপুল ষ্টেচন য়াৰ্ডৰ কাষৰ পাহাৰটোৰ মাটি খহি পৰিছিল আৰু নিৰ্মাণাধীন ষ্টেচনৰ চৌহদলৈ নামি আহিছিল। 

বৃহৎ ভূমিস্খলনৰ ফলত নিৰ্মাণাধীন টুপুল ষ্টেচন ভৱন, ট্ৰেক নিৰ্মাণ আৰু নিৰ্মাণ শ্ৰমিকৰ শিবিৰ বিধ্বস্ত হৈ পৰে।

জিৰিবামৰ পৰা ইম্ফললৈ নিৰ্মাণাধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে মণিপুৰৰ নোনে জিলাৰ টুপুল ৰে’ল ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ অৱস্থানতো ভূমিস্খলনে তীব্ৰ প্ৰভাৱ পেলায়।

লগতে পঢ়ক: CM relief fund: মানৱতাৰ নিদৰ্শন! টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা

ভূমিস্খলনৰ ফলত মণিপুৰৰ নোনে জিলাৰ মাখুয়াম গাঁৱত ইজেই নদী সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰে। নদীখন মণিপুৰৰ তামেংলং আৰু নোনি জিলাৰ মাজেৰে বৈ গৈছে। 

এন এফ ৰে’লৱেই জানিবলৈ দি কয়, “ভূমিস্খলনৰ ধ্বংসাৱশেষৰ ফলত অৱৰুদ্ধ হোৱা ইজেই নদীত সৃষ্টি হোৱাৰ বান্ধসদৃশ স্তুপবোৰ ৰাজ্য চৰকাৰৰ অনুৰোধত ৰে’লৱেই ইয়াৰ উপলব্ধ যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি মুকলি কৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd