NORTHEAST NOW (Assamese)

কাৰ্বি কৃষ্টি, সংস্কৃতি বিষয়ত আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্র; ইউৰোপৰ ৯খন দেশৰ ১৪গৰাকী গবেষক পণ্ডিত উপস্থিত

January 16, 2020 9:24 pm · অনুপ শৰ্মা
Updated: January 16, 2020 9:25 pm
কাৰ্বি লোককৃষ্টিৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ কেইটামান দৃশ্য।

পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ আয়োজন : দেশী-বিদেশী বহু গবেষক পণ্ডিতৰ অংশ গ্ৰহণঃ

কাৰ্বিসকলৰ সমৃদ্ধিশালী পৰম্পৰাগত লোককৃষ্টি, সংস্কৃতিৰ পথাৰখনত থকা বিভিন্ন সমলসমূহ প্ৰণালীবদ্ধভাৱে অধ্যয়ন আৰু উদ্ধাৰৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ আয়োজন কৰিছে “চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজ”-এ।

কালি উদ্বোধন হৈ যোৱা এই অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে আয়োজকৰ নিমন্ত্ৰণত ইতিমধ্যে সুদূৰ ইষ্টনিয়াৰ টার্টু বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়াৰলেণ্ড, ইষ্টনিয়া, ইটালি, ইজৰাইল, ছুইডেন, ফিনলেণ্ড, ডেণ্ডমার্ক, গ্রীচ, ৰাছিয়াকে ধৰি ইউৰোপৰ নখন দেশৰ পৰা ১৪গৰাকী গবেষক পণ্ডিত আহি উপস্থিত হোৱা বুলি আমাক জানিবলৈ দিছে। তাৰোপৰি ভাৰতৰো বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা প্রায় ৫৫গৰাকী গৱেষক পণ্ডিত আহিছে।

জানিব পৰামতে, “চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজ”ৰ কাৰ্বি লোককৃষ্টিৰ গবেষণাত দীৰ্ঘদিনৰ পৰা জড়িত আৰু তেওঁলোকৰ ব্যৱস্থাপনাত কাৰ্বি আংলঙত পোনপ্ৰথমবাৰৰ বাবে এনে উচ্চ খাপৰ প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ আয়োজন কৰা হৈছে।

চেন্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ উপ-সঞ্চালক মেগী কাথাৰপীয়ে আঁত ধৰা “লিমিনাল অন্তলজিছ” শীর্ষক লোক সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বিসকলৰ পৰম্পৰাগত “তিৰিম কাংদুক” অনুষ্ঠানত পুৰোহিত জেনছিং ৰংহাঙে “হৰবং আর্ণাম কিপু” মন্রোচাৰ ধ্বনিৰে আধ্যাত্মিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰে। পূর্বপুৰুষক স্মৰণ কৰি শ্রদ্বাঞ্জলি আগ বঢ়োৱা “তিৰিম কাংদুক” অনুষ্ঠানত তেওঁক সহযোগ আগ বঢ়ায় পুৰোহিত ধনীছন লেকথেই।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্রত সাংসদ হৰেনচিং বে’ আৰু মুখ্যকাৰ্যবাহী সদস্যৰ উপদেষ্টা এলৱিন টেৰন বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।

গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয়কে ধৰি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহে অসমৰ প্ৰাচীন অধিবাসী কাৰ্বিসকলৰ সমৃদ্ধিশালী পৰম্পৰাগত লোককৃষ্টি, সংস্কৃতি, মৌখিক সাহিত্যৰ অজস্ৰ ভাণ্ডাৰৰ বিষয়ে অধ্যয়নৰ প্রতি অনীহাৰ মনোভাব প্রদর্শন কৰি অহাৰ অভিযোগৰ বিপৰীতে সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা গৱেষক পণ্ডিতসকল কাৰ্বি পাহাৰলৈ এইবোৰ অধ্যয়ন কৰিবলৈ অহাটো মন কৰিব লগীয়া।

এসময়ত অসমৰে এচাম তথাকথিত শিক্ষাবিদ, বুৰঞ্জীবিদ, গৱেষকৰ বাবে অৱহেলা, ইতিকিং কৰা কাৰ্বিসকলৰ ”অনুন্নত” ভাষা, মৌখিক সাহিত্য, কাৰ্বিসকলৰ জীৱনৰ বিষয়ে তাহানিতেও সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰীসকলেই প্রণালীৱদ্ধভাৱে অধ্যয়ন কৰিছিল।

মিশ্যনেৰিসকলে কাৰ্বি ভাষা আৰু সংস্কৃতিৰ বিষয়ত বহু মূল্যবান গ্ৰন্থ উপহাৰ দি থৈ গৈছে।

ইয়াৰ উদাহৰণ দ্য মিকিৰ্ছ (১৯০৮) মিকিৰ ইংলিছ ডিক্সনাৰী (১৯২৫ চন), এ ভেকেৱালাৰী ইন ইংলিছ এণ্ড মিকির্ছ, (১৮৭৮ চন), মিকিৰ প্রাইমেৰি এৰিথমেটিক- আর্লেং কালাখা আকিতাপ, (১৯০৩ চন) আদি অনেক মূল্যৱান তথা উৎকৃষ্ট গ্ৰন্থ।

Related News