• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বৃহৎ সংখ্যক সৌৰ বেটাৰী সহ ৰাইজৰ জালত গভাইট চোৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মার্ঘেৰিটা , January 16, 2020 8:49 pm

2 min read

Margherita Story

মাৰ্ঘেৰিটাত ৰাইজৰ হাতত আটক হোৱা চোৰজন

1.3k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত বিগত কিছু দিন ধৰি অব্যাহত থকা চোৰৰ উপদ্ৰৱত অতিস্থ হৈ পৰিছে স্থানীয় ৰাইজ।

চোৰে নগৰ খনৰ বিভিন্ন স্থানত থকা সৌৰ লাইট সমূহৰ বেটাৰি চুৰি কৰি নিয়াৰ ফলত নগৰখনৰ প্ৰায় ভাগ সৌৰ লাইট বিকল হৈ যোৱা পৰিলক্ষিত হৈছে।

আজি পুৱতি নিশা চোৰে মাৰ্ঘেৰিটাৰ মাকুম পথাৰস্থিত মতিলাল পেৰিয়াল কনিষ্ঠ মহাবিদ্যালয়ৰ সৌৰ লাইটৰ বৃহৎ সংখ্যক বেটাৰী আৰু অন্যান্য সামগ্ৰী চুৰি কৰি এএছ-২৩চিচি-৩১৬১ নম্বৰৰ এখন মেজিক গাড়ীত সৰবাৰহ কৰিবলৈ লওঁতেই স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায়।

স্থানীয় ৰাইজে মেজিক সহ আৰক্ষীক গতাই দিয়া ধৃত চোৰটোৰ নাম সুশান্ত নাথ ওৰফে ৰাজা(২৩)৷

সুশান্তৰ লগতে এটা বৃহৎ চোৰৰ দলে অঞ্চলটোত উপদ্ৰৱ চলাই ফুৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

উক্ত কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক দেবব্ৰত বৰদলৈয়ে জনোৱা মতে কনিষ্ঠ মহাবিদ্যালয় খনৰ সৌৰ লাইটৰ বেটাৰী বিলাক খুলি চোৰে এটা স্থানত গোটাই লৈ মহাবিদ্যালয় খনৰ ভিতৰত প্ৰৱেশৰ বাবে চেষ্টা চলাই দৰ্জা, খিৰিকি ভাঙি আছিল।

নগৰ খনৰ বিভিন্ন স্থানত নিশা হ’লেই মটৰ বাইক, চাইকেলকে আদি কৰি বিভিন্ন সামগ্ৰী প্ৰায়ে চুৰি হৈ থকাৰ বাতৰি পোৱা গৈছে।

উৰুকাৰ নিশা মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াৰ নামদাং চাহ বাগিছাৰ কৰ্মচাৰী প্ৰদীপ শৰ্মাৰ ঘৰত চোৰে বাৰাণ্ডাৰ জালনা ভাঙি বহু সংখ্যক সামগ্ৰী লৈ উধাও হোৱাৰ উপৰিও অঞ্চলটোৰ বহুলোকৰ হাঁ‌হ-কুকুৰা নিয়মীয়াকৈ চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে আহিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।

আনহাতে, অঞ্চলটোত বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ মাৰ্ঘেৰিটা আৰক্ষীক স্থানীয় ৰাইজে দাবী জনাইছে।

আজি আটক হোৱা চোৰ সুশান্ত নাথ ওৰফে ৰাজাক লগত লৈ আৰক্ষীয়ে ডিগবৈ গোলাইস্থিত এটা স্থানত অভিযান চলায় ১০৪টা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা বেটাৰীখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd