ভেলেউগুৰিত পেলনীয়া বস্তুৰে শোভাবৰ্দ্ধক সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ সম্পন্ন

chamaguri photo

ফটো : নৰ্থইষ্ট নাও

ঘৰৰ চৌহদত বা বাৰীয়ে জংঘলে জাৱৰৰ ৰূপত পৰি থকা পেলনীয়া বস্তুৰ পৰা  যে শোভাবৰ্দ্ধক  মূল্যবান আৰু দৃষ্টিনন্দন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি,  তাক হাতে-কামে কৰি দেখুৱালে দীপক জাজোডীয়া নামৰ নগাঁৱৰ প্ৰচাৰবিমুখ শিল্পী গৰাকীয়ে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভেলেউগুৰিস্থিত “ভেলেউগুৰি আঞ্চলিক পুথিভঁৰাল”ত অনুষ্ঠিত হোৱা “উদ্যান শস্য আৰু ফল-মূল সংৰক্ষণ” শীৰ্ষক তিনি মহীয়া এটি প্ৰশিক্ষণ শিবিৰত শনিবাৰে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি দীপক জাজোডীয়াই  বিশ গৰাকী অংশগ্ৰহণকাৰী মহিলা প্ৰশিক্ষাৰ্থীক পেলনীয়া বস্তুৰে শোভাবৰ্দ্ধক সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷

নেহেৰু যুৱক কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু চামগুৰিৰ নৱ সূৰুয যুটীয়া কৃষি সমবায় সমিতিৰ ব্যৱস্থাপনাত শনিবাৰে আনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত উদ্যান শস্য আৰু ফল-মূল সংৰক্ষণ শিবিৰৰ মুখ্য প্ৰশিক্ষক শৰৎ চমুৱাকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি  উপস্থিত থাকে।