প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদানত অনিয়ম নকৰিবলৈ প্ৰদূষণ কেন্দ্ৰক পৰিবহণ বিভাগৰ সকীয়নি

দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯। সংশোধিত যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পিছতেই ৰাজ্যৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ।

যিহেতু নতুন যান-বাহন আইন অনুসৰি বাহনৰ প্ৰদুষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব জৰিমনা। কিন্তু ইয়াৰে সুযোগ গ্ৰহণ কৰি মহানগৰীৰৰ একাংশ কেন্দ্ৰই ব্যাপক মাত্ৰাত ধন সংগ্ৰহ কৰি পৰ্যাপ্ত পৰীক্ষা নকৰাকৈয়ে প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপিত হোৱাৰ পিছতে জিলা পৰিবহণ বিভাগে এই তৎপৰতা প্ৰদৰ্শন কৰে। আৰু প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্ত্বাধিকাৰী আৰু বিষয়ববীয়াৰে পৰিবহণ বিভাগে এক বৈঠকত মিলিত হয়।

বৈঠকত পৰিবহণ বিভাগে প্ৰদূষণ কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীসকলক প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম সংঘটিত নকৰিবলৈ সকীয়নি প্ৰদান কৰে।

লগতে এই ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও পৰিবহণ বিভাগে বৈঠকত উল্লেখ কৰে।