চিটি বাছে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা মানিছেনে?; গুৱহাটীৰ ৰাজপথত পৰিবহন বিভাগৰ দলৰ নিৰীক্ষণ

তৃতীয় পৰ্যায়ৰ ল’কডাউনত গ্ৰীণ জ’ন সমূহত বহু ক্ষেত্ৰত ৰেহাই দিয়াৰ পাছত আজি গুৱাহাটী মহানগৰীৰ গনেশগুৰিত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাৰ লগতে পৰিবহন বিভাগৰ এটা দলে চিটি বাছ সমূহে নিৰ্দিষ্ট নিয়ম পালন কৰিছে নে নাই তাৰ নিৰীক্ষণ কৰে।

মহানগৰীৰ ৰাজপথ দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত ৪ মে’ৰ পৰা চিটিবাছ সমূহৰ চলাচল আৰম্ভ হয়। অসম ৰাজ্যিক পৰিবহন নিগমৰ চিটিবাছ চলাচলৰ পিচত বাছ ষ্টপেজ সমূহত যাত্ৰীৰ ভিৰ অধিক হোৱাত ব্যক্তিগত ২০০ খন চিটিবাছ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম ৰাজ্যিক পৰিবহন নিগমে ৷

আনহাতে, প্ৰতিখন চিটিবাছে যাত্ৰীৰ নাম, ঠিকনা আৰু যোগাযোগ নম্বৰ লিখি ৰেজিষ্টাৰ সমূহ পালন কৰিছে নে সেই বিষয়ে নিৰীক্ষণ কৰাৰ লগতে যাত্ৰীসকলে সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰি যাত্ৰা কৰিছেনে সেই বিষয়েও নিৰীক্ষণ কৰে ৷

‘চলো’ এপৰ জৰিয়তে যাত্ৰী সকলক ই-টিকটৰ ক্ৰয় কৰিব কোৱা হৈছিল যদিও যিসকল লোকৰ তেনেধৰণৰ কোনো সুবিধা নাই তেওঁলোকক বাছৰ ভিতৰতে টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি অনুসন্ধানকাৰী দলটোৱে জানিবলৈ দিয়ে।