পঞ্জীয়কক শাৰীৰিকভাৱে অপদস্থ,বঙাইগাঁৱত পৰিবহন বিষয়াৰ কৰ্মচাৰীৰ কৰ্ম বিৰতিৰে প্ৰতিবাদ

অসম চৰকাৰৰ পৰিবহন বিভাগৰ দিছপুৰৰ আয়ুক্ত কাৰ্যালয়ত অতিৰিক্ত আয়ুক্ত ডাঃ সাদনেক সিঙে তেওঁৰ কাৰ্যালয়ৰ পঞ্জীয়ক পদত কৰ্মত কৰ্মচাৰী প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষত শাৰীৰিকভাৱে অপদষ্ট কৰা কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে বঙাইগাঁৱত জিলা পৰিবহন বিষয়াৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে ৷

সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাৰ আহ্বানত বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কৰ্মবিৰতিৰে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্য নাৰায়ণ ৰায়কে ধৰি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলেও উপস্থিত থাকি সহযোগ কৰে ৷

ইপিনে অতিৰিক্ত আয়ুক্তগৰাকীয়য়ে পঞ্জীয়ক প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষতে নানা অকথ্য বাক্যৰে গালি গালাজ কৰাতে ক্ষান্ত নাথাকি শাৰীৰিকভাবে অপদস্থ কৰা কাৰ্যক সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্যনাৰায়ণ ৰায়ে গৰিহণা দিছে ৷

লগতে বিষয়াৰ দ্বাৰা তলতীয়া কৰ্মচাৰীৰ ওপৰত হোৱা নিৰ্যাতনক তীব্ৰ বিৰোধিতা কৰে আৰু সকলো বিষয়াকে সংযতভাৱে তেওঁলোকৰ তলতীয়া কৰ্মচাৰীসকলক সৎ ব্যৱহাৰৰ জৰিয়তে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা দৃঢ় আৰু বৃদ্ধি কৰাৰ বাবে সকলোকে অনুৰোধ জনায় ৷

তেওঁ লগতে ৰাজ্যখনৰ সকলো বিষয়ালৈ অনুৰোধ জনাই কয় যে কৰ্মচাৰী নিগৃত হোৱা ঘটনাটোৱে যাতে শেষ ঘটনা হয় তাৰ বাবেও সকলোকে অনুৰোধ জনায় ৷ সভাপতিগৰাকীয়ে এজন বিষয়াৰ মইমতালীৰ বাবে এটা দিনত অসম চৰকাৰে বহু ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হ’বলগীয়া হয় বুলি কৈ বিভিন্ন কামৰ বাবে পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ অহা ৰাইজৰ কাম কৰ্মবিৰতিৰ কাৰ্যসূচীৰ বাবে কৰিব নোৱাৰাত যি অসুবিধা ভোগ কৰিবলগীয়া হয় তাৰ বাবে দুখ প্ৰকাশ কৰে ৷

আনাহাতে জিলা পৰিবহন কৰ্মচাৰী সন্থা তথা জিলা কৰ্মচাৰী পৰিষদৰো সাংগঠনিক সম্পাদক সুভাষ দৈমাৰীয়েও অতিৰিক্ত আয়ুক্তগৰাকীয়ে পঞ্জীয়কক অপস্থ কৰা ঘটনাক গৰিহণা দি বিষয়াসকলৰক তলতীয়া কৰ্মচাৰীসকলৰ প্ৰতি ব্যৱহাৰ সংযত কৰাৰ বাবে চৰকাৰক নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনায় ৷

লগতে আগলৈ যাতে এনে ঘটনা সংঘটিত নকৰে তাৰ বাবে সকীয়নি প্ৰদান কৰে ৷